খানাপাৰাত অসম গ্রন্থমেলা-২০২৫ উদ্বোধন মুখ্যমন্ত্রী ড° শৰ্মাৰ

৮১৮জনলৈ 'যুৱ লেখক সন্মান' প্রদান

IMG 20251225 124017

Khanapara:✒️মৌলিক সৃষ্টি অবিহনে কোনো লেখক-লেখিকাই অক্ষয় কীর্তি ৰাখি থৈ যাব নোৱাৰে বুলি মতপোষণ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বুধবাৰে মুখ্যমন্ত্ৰীয়ে খানাপাৰাত অসম গ্রন্থমেলা উদ্বোধন কৰাৰ লগতে ৮১৮ গৰাকী ৪০ বছৰ অনূর্ধ্বৰ উদীয়মান লেখক-লেখিকাক ‘যুৱ লেখক সম্মান’ প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰে।

অনুষ্ঠানত ভাষণত মুখ্যমন্ত্রীয়ে যুৱ লেখক-লেখিকাসকলক মৌলিক সাহিত্য সৃষ্টিত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। ভাষণত তেওঁ লগতে কয়, ‘মৌলিক সৃষ্টিয়ে বর্তমান সময়ত কৃত্রিম বুদ্ধিমত্তাৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে। কৃত্রিম বুদ্ধিমত্তাই সাহিত্য সদৃশ ৰচনা সৃষ্টি কৰিবলৈ সক্ষম হোৱাত ই সৃজনীশীল সাহিত্যৰ প্ৰতি এক সংকট অনা যেন ধাৰণা হ’লেও সত্যটো হৈছে মানব মগজু, মানবীয় অনুভৱ আৰু মানৱ অভিজ্ঞতাৰ গভীৰতা কোনো যান্ত্রিক প্রণালীয়ে সম্পূর্ণৰূপে অনুকৰণ কৰিব নোৱাৰে। কৃত্রিম বুদ্ধিমত্তাৰ সৃজনীশীলতা মূলতঃ তথ্য, ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা আৰ্হি বা ধাৰণা আৰু এইবোৰৰ সম্ভাব্য সংমিশ্ৰণৰ ওপৰত নিৰ্ভৰ কৰে।’

আনহাতে, মানৱসৃষ্ট সাহিত্যৰ মূল প্রাণ হৈছে সমাজ আৰু জীৱনৰ বাস্তৱ ছবি, আশা-আকাংক্ষা, সপোন আৰু অভিজ্ঞতা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে কৃত্রিম বুদ্ধিমত্তাই সৃষ্টি কৰা সাহিত্য মানর সৃষ্ট সাহিত্যৰ প্রতিদ্বন্দ্বী হ’ব নোৱাৰে। যুৱ চামৰ লেখক-লেখিকাসকলে মৌলিকতাক আধাৰ হিচাপে লৈ সাহিত্য সৃষ্টিৰ যাত্ৰাত আগুৱাই যাব লাগিব বুলি তেওঁ মতপোষণ কৰে। তেওঁ আৰু কয় যে কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈ সুস্থিৰ চিন্তা, সমালোচনাত্মক অধ্যয়ন আৰু সৃজনশীলতাৰ শ্রেষ্ঠতা প্রতিপন্ন কৰি প্ৰত্যাহ্বানক সম্ভাৱনালৈ ৰূপান্তৰ কৰিব লাগিব।

অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত যৌথভাবে আয়োজন কৰা অসম গ্রন্থমেলা ২০২৫ৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রীয়ে সম্মানৰ অংশৰূপে প্ৰতিগৰাকী যুৱ লেখক-লেখিকাক ২৫ হেজাৰ টকাকৈ আর্থিক পুৰস্কাৰ প্ৰদান কৰে।

আনহাতে, কালিৰ পৰা ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অসম গ্রন্থমেলাত ৰাজ্যৰ লগতে দিল্লী-হাৰিয়ানা, কলকাতা, মুম্বাই আৰু হায়দৰাবাদৰ ১৩৫টাৰো অধিক প্রকাশন গোষ্ঠীয়ে যোগদান কৰিছে।

ভাষণত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে অসম চৰকাৰে ২০২৫ বৰ্ষটো ‘গ্ৰন্থৰ বর্ষ’ হিচাপে ঘোষণা কৰে। ইয়াৰ অন্তর্গত গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে ইতিমধ্যে বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈত অসম গ্রন্থমেলা আয়োজনৰ পাছত আজিৰে পৰা গুৱাহাটীত এই গ্রন্থমেলা আৰম্ভ কৰা হৈছে।

তেওঁ কয় যে পূর্বে অসম প্রকাশন পৰিষদে কেৱল গুৱাহাটীতে গ্রন্থমেলাৰ আয়োজন কৰিছিল; কিন্তু এই বছৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত প্রকাশন পৰিষদৰ তৰফৰ পৰা গ্ৰন্থমেলা আয়োজন কৰা হৈছে। এই গ্রন্থমেলাই গ্ৰন্থৰ বিক্রীত ইতিবাচক প্রভাৱ পেলোৱাৰ লগতে অধিক সংখ্যক পঢ়ুৱৈ সৃষ্টিতো সহায় কৰিব বুলি ড০ শর্মাই কয়।

মুখ্যমন্ত্রীয়ে কয় যে গ্রন্থ বৰ্ষৰ স’তে সংগতি ৰাখি ৰাজ্য চৰকাৰে ৪০ বছৰৰ অনূর্ধ্বৰ যুৱ লেখক-লেখিকাসকলক ‘যুৱ লেখক সম্মান’ প্রদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমীয়া, বাংলা, বড়ো, মিচিং, কাৰ্বি, নেপালী আৰু অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চর্চা কৰা যুৱ লেখক-লেখিকাসকলৰ পৰা এই সন্মানৰ বাবে আবেদন বিচৰা হৈছিল। প্রায় ১,৩০০ খন আবেদনৰ মাজৰ পৰা মুঠ ৮১৮ গৰাকী যুৱ লেখক-লেখিকাক এই সম্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু তেওঁলোকৰ প্রত্যেককে ২৫ হেজাৰ টকাকৈ আর্থিক পুৰস্কাৰ প্ৰদান কৰা হৈছে।

তেওঁ মত পোষণ কৰে যে যুগৰ সৃষ্টি আৰু সময়ৰ প্ৰাসংগিকতাৰ লগত সাহিত্যৰ গুৰুত্ব সদায়ে থাকি যাব। তেওঁ কয় যে এটা সময়ত এনে এক ধাৰণা আছিল যে সাহিত্যৰ স্বৰূপ বৈপ্লবিক হ’ব লাগে। এনে এক ধাৰণা আছিল যে তেনে সাহিত্যৰ মূল্য নাই যি সাহিত্যই সমাজত বৈপ্লবিক চিন্তা-চর্চা জাগ্রত কৰিব নোৱাৰে আৰু এক অগ্নিশিখা জ্বলাই তুলিব নোৱাৰে। বাওঁপন্থীসকলে বিশ্বক বিপ্লৱৰ বাবে প্ৰস্তুত কৰাৰ আদৰ্শৰে এনে বৈপ্লবিক সাহিত্য সৃষ্টিত উদগনি যোগাইছিল বুলি মন্তব্য কৰি তেওঁ কয় যে নোপোৱাৰ বেদনা আৰু ঋণাত্মক চিন্তাই সাহিত্যৰ কেন্দ্রীয় শক্তিরূপে কাম কৰিছিল।

বিপ্লৱ কৰাটো লক্ষ্য হোৱাৰ পৰিৱৰ্তে বিপ্লৱৰ পাছত কেনে এখন সমাজ সৃষ্টি হ’ল সেই বিষয়তহে দৃষ্টি নিক্ষেপ কৰাটো অধিক প্রয়োজনীয় বুলি তেওঁ মতপোষণ কৰে। এই ক্ষেত্ৰত তেওঁ ৰাছিয়াৰ বিপ্লৱ আৰু শেহতীয়াকৈ নেপাল আৰু বাংলাদেশত হোৱা বিপ্লৱৰ প্রসংগ উত্থাপন কৰে। তেওঁ কয় যে বিপ্লৱ লক্ষ্য প্রাপ্তিৰ মাধ্যমহে মাথোঁ, ই নিজেই লক্ষ্য নহয়। লেখক-সাহিত্যিকসকলে কেৱল বিপ্লৱৰ কথা লিখিলে নহ’ব, সেই বিপ্লবে কেনে এখন সমাজ সৃষ্টি কৰিলে তাৰ বিষয়েও লিখিব লাগিব।

তেওঁ কয়, ‘লেখকৰ দায়বদ্ধতা আৰু জবাবদিহিতা থাকিব লাগে। নৈতিকতাৰ দৃষ্টিৰে তেওঁলোকে নিজৰ দায়বদ্ধতাক জুখিব লাগিব। প্রতিবাদৰ জুই জ্বলাবলৈ চেষ্টা কৰা সাহিত্যিকৰ যদি সেই জুই নুমুৱাবলৈ শক্তি নাই তেন্তে তেওঁৰ সেই জুই জ্বলোৱাৰো অধিকাৰ নাই। অমৃত মন্থনৰ বাবে কাৰো অধিকাৰ নাই যদি অমৃত মন্থনত ওলোৱা বিষ সেৱন কৰাৰ বাবে এজন নীলকণ্ঠ নাই।’ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, বিশিষ্ট লেখক আমিশ ত্রিপাঠী, অসম সাহিত্য সভাৰ সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামী, উচ্চ শিক্ষা সঞ্চালক পমী বৰুৱা, অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতা প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Exit mobile version