২০৪৯ৰ ভিতৰত অৰুণাচলক সামৰি লোৱাৰ পৰিকল্পনা ৰঙা চীনৰ

16 1429185052

China:✒️ভাৰতৰ অন্যতম অংগ ৰাজ্য অৰুণাচল প্রদেশক নিজৰ বুলি দাবী কৰি অহা চীনে এই ক্ষেত্রত ভাৰত চৰকাৰৰ স’তে কোনো আলোচনা বা আপোচ নকৰে। তাৰ পৰিৱৰ্তে চুবুৰীয়া দেশখনে অৰুণাচল প্রদেশক ২০৪৯ৰ ভিতৰত নিজ চাৰিসীমাত সামৰি লোৱাৰহে লক্ষ্য লৈছে।

চীনৰ এই ভয়ংকৰ পৰিকল্পনাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে এক মার্কিন সামৰিক প্রতিবেদনত। মার্কিন সংসদত দাখিল হোৱা এই প্রতিবেদনত উল্লেখ আছে যে চীনে অৰুণাচল প্রদেশক ‘মূল স্বার্থ’ৰ অংশ বুলি গণ্য কৰে।

আনকি দেশখনে ২০৪৯ৰ ভিতৰত চীন ৰাষ্ট্ৰৰ এক মহান পুনৰুজ্জীবিতকৰণ ঘটোৱাৰ লক্ষ্য লৈছে। এই মহান পুনৰুজ্জীবিতকৰণৰ বাবে অৰুণাচল প্রদেশকো প্রাকৃতিক প্রয়োজনীয়তা বুলি বেইজিঙে গণ্য কৰিছে। চীনৰ কমিউনিষ্ট পার্টিয়ে বিশ্বাস কৰিছে যে পুনৰুজ্জীরিত চীনে এক নতুন গোলকীয় পর্যায়ত কাম-কাজ পৰিচালনা কৰিব আৰু এক বিশ্ব মানৰ সামৰিক বাহিনী গঢ়ি তুলিব।

এই সামৰিক বাহিনীয়ে দেশখনৰ সাৰ্বভৌমত্ব, সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থ ৰক্ষা কৰি যুদ্ধত লিপ্ত হ’ব আৰু জয়লাভ কৰিব। মার্কিন সামৰিক প্রতিবেদনখনত লগতে কোৱা হৈছে যে চীনে ৰাষ্ট্ৰীয় পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত তিনিটা মূল স্বার্থ চিনাক্ত কৰিছে। এই তিনি মূল স্বাৰ্থৰ স’তে আপোচ আৰু কোনো পক্ষৰ স’তে আলোচনা নকৰাৰ সিদ্ধান্তত বেইজিং উপনীত হৈছে।

দেশখনৰ এই তিনি স্বাৰ্থৰে অন্যতম হৈছে অৰুণাচল প্রদেশ। অবশ্যে চীনৰ এনে পৰিকল্পনা সম্পর্কত বর্তমানলৈ কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই নতুন দিল্লীয়ে। চীনৰ তৃতীয়টো মূল স্বাৰ্থত দেশখনৰ ভূখণ্ড বৃদ্ধিৰ দিশ জড়িত আছে। এই স্বার্থসমূহৰ চীনা কমিউনিষ্ট পাৰ্টিৰ নিয়ন্ত্রণ, দেশখনৰ অৰ্থনৈতিক উন্নয়ন আদিকো সামৰি লৈছে।

দেশখনৰ চৰকাৰলৈ বাহ্যিক বা আভ্যন্তৰীণভাবে আহিব পৰা ভাবুকিক লৈও কমিউনিষ্ট পার্টি অতি সংবেদনশীল হৈ আছে। উল্লেখ্য যে চীনৰ স’তে শেহতীয়াভাৱে ভাৰতৰ সম্পৰ্ক কিছু উন্নত হৈছে। ২০২৪ৰ অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি জি জিনপিণ্ডৰ স’তে আলোচনাত মিলিত হোৱাৰ পাছতে দুয়ো দেশৰ সম্পর্কই কিছু গতি লাভ কৰে।

তৎসত্ত্বেও বেইজিঙৰ কাম-কাজ আৰু অভিপ্রায়ক লৈ ভাৰত সতর্ক থকাৰ পোষকতা কৰিছে মার্কিন প্রশাসনে। মার্কিন প্ৰশাসনৰ মতে, প্রকৃত নিয়ন্ত্রণ ৰেখাত পৰিস্থিতি স্বাভাবিক হোৱাৰ পাছত চীনে ভাৰত-মার্কিন সম্পর্ক গভীৰ হোৱাত বাধা দিয়াৰ পৰিকল্পনাও কৰিছে।

Exit mobile version