সেনা জোৱানসকলে এইবাৰ ‘আংশিকভাৱে’ ব্যৱহাৰ কৰিব পাৰিব ছ’চিয়েল মিডিয়া ! 

নিয়মৰ এই শিথিলতাৰ আঁৰৰ কাৰণ কি?

IMG 20251226 135641

Indian Army:✒️এইবাৰ আংশিক ভাৱে দেশৰ সেনাবাহিনীৰ প্ৰায় ১১.৫ লাখ সদস্যই ব্যৱহাৰ কৰিব পাৰিব সামাজিক মাধ্যম । গোপনীয় আৰু নিৰাপত্তাৰ সংক্ৰান্ত স্পৰ্শকাতৰ ৰাজনৈতিক তথ্য ফাদিল হোৱা ৰোধ কৰিবলৈ সেনাবাহিনীৰ সদস্যসকলে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ সন্দৰ্ভত মানি চলিব লাগিব কঠোৰ নিষেধাজ্ঞা ।

নিয়মবোৰ সামান্য শিথিল কৰা হৈছে, আৰু এইবাৰ সামৰিক বাহিনীৰ সদস্যসকলে ব্যৱহাৰ কৰিব পাৰিব ইনষ্টাগ্ৰাম ।যদিও তাত তেওঁলোকে কোনো ধৰণৰ মন্তব্য বা মতামত প্ৰকাশ কৰিব নোৱাৰিব।

আনকি তেওঁলোকে কোনো ‘কন্টেন্ট’ বা পোষ্টও শ্বেয়াৰ কৰিব নোৱাৰিব। সেনাবাহিনীৰ সদস্যসকলক ভিপিএন, প্ৰক্সি চাইট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

সংশোধিত নিয়মত উল্লেখ আছে যে এজন জোৱানে স্কাইপ, হোৱাটছএপ, টেলিগ্ৰাম আৰু চিগনেলত অসংবেদনশীল বা গোপনীয় বিষয়বস্তু বিনিময় কৰিব পাৰে।

কিন্তু এই আদান-প্ৰদান বা কথোপকথন কেৱল তেওঁলোকৰ চিনাকি মানুহৰ লগতহে হ’ব লাগিব। কাৰ লগত এনে তথ্য বিনিময় কৰিব পাৰি বা কথা-বতৰা পাতিব পাৰিব সেইয়া সংশ্লিষ্ট সামৰিক বাহিনীয়ে সিদ্ধান্ত ল’ব লাগিব।

সৈনিকসকলে ইনষ্টাগ্ৰাম, এক্স, কোৰা, আৰু ইউটিউবত “পৰোক্ষভাৱে অংশগ্ৰহণ” কৰিব পাৰিব। মতামত প্ৰকাশ কৰাৰ সুযোগ নাপালেও তাত “কন্টেন্ট” চোৱাৰ সুযোগ পাব।

নতুন নিয়ম অনুসৰি সামৰিক বাহিনীৰ সদস্যসকলে কিছু পৰিমাণে লিংকডইন ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে এই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি তেওঁলোকে কেৱল নিজৰ চিভি আপলোড কৰিব পাৰিব আৰু সম্ভাৱ্য নিয়োগকৰ্তাৰ ওপৰত গৱেষণা কৰিব পাৰিব।

সেনাৰ সূত্ৰ অনুসৰি সেনা জোৱানসকলৰ মাজত ডিজিটেল সজাগতা বৃদ্ধিৰ লগতে নিৰাপত্তাৰ দিশটোও অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই কাৰণেই দীৰ্ঘদিনীয়া নিষেধাজ্ঞাসমূহ সামান্য শিথিল কৰা হৈছে যাতে সামৰিক বাহিনীয়ে ডিজিটেল জগতৰ বিভিন্ন দিশৰ প্ৰতি সচেতন হৈ থাকিব পাৰে আৰু লগতে তথ্য ফাদিলৰ আশংকা এৰাই চলিব পাৰে।

দীৰ্ঘদিন ধৰি নিয়ম আছিল যে সেৱাত নিযুক্তি পোৱাৰ পাছত কোনো জোৱান বা বিষয়াই নিজৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰিব লাগিব।

যদিও নতুন নিয়মত ফেচবুকৰ কথা উল্লেখ নাই, তথাপিও প্ৰত্যাহাৰ কৰা হৈছে ইনষ্টাগ্ৰামৰ আংশিক নিষেধাজ্ঞা।

Exit mobile version