Earthquake:✒️যোৱা শুকুৰবাৰে ৪.৬ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল গুজৰাটৰ কুচ্চ। তথ্য অনুসৰি শুকুৰবাৰে হোৱা প্ৰাৰম্ভিক ভূমিকম্পৰ পাছত যোৱা ৩০ ঘন্টাত ২৪ বাৰ কঁপিছে গুজৰাটৰ ভূমি ।
এই কম্পনৰ ফলত গুজৰাটৰ সক্ৰিয় হৈ পৰিছে তিনিটা ফল্ট লাইন,যাৰ ফলত ভূ-বিজ্ঞানীসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰথমটো ভূমিকম্পৰ ৩০ ঘণ্টাৰ ভিতৰত গুজৰাটত ২৪টা আফটাৰশ্বক অনুভৱ কৰা হৈছে। এই কম্পনসমূহৰ উৎপত্তি হৈছে অঞ্চলটোৰ আটাইতকৈ সক্ৰিয় ফল্ট নৰ্থ ৱাগাড ফল্টৰ পৰা, শুকুৰবাৰে পুৱা ৪:৩০ বজাৰ পৰা শনিবাৰে পুৱা ৯:৪৫ বজাৰ ভিতৰত।
শেহতীয়া ভূমিকম্পৰ খবৰ অনুসৰি এই কম্পনৰ ফলত একেলগে কাথৰল পাহাৰ, গোৰা ডংগাৰ, আৰু নৰ্থ ৱাগাড ফল্ট সক্ৰিয় হৈ পৰিছে। ইতিমধ্যে গুজৰাটৰ কুচ অঞ্চলত ভূমিকম্পৰ প্ৰৱণতা দেখা গৈছে।
একেলগে তিনিটা ফল্ট লাইন সক্ৰিয় হৈ পৰাটোৱে স্বাভাৱিকতে বিশেষজ্ঞসকলৰ মাজত চিন্তাৰ সৃষ্টি কৰিছে। তেওঁলোকে দাবী কৰে যে যদিহে তৎকালীনভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ভৱিষ্যতে ইয়াত কিবা এটা বিপৰ্যয়জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
ভুজৰ কচ্ছ বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক গৌৰৱ চৌহানে কয় যে, “নগৰ পাৰ্কাৰ আৰু আল্লা বুণ্ডৰ দৰে সক্ৰিয় ফল্ট লাইন ইয়াত বছৰ বছৰ ধৰি ভূমিকম্পৰ অন্যতম মূল কাৰণ।কিন্তু এতিয়া চিন্তনীয় দিশটো হ’ল শেহতীয়া ভূমিকম্পই উত্তৰ ৱাগাড ফল্টৰ কাৰ্যকলাপ নিশ্চিত কৰিছে। যোৱা কেইমাহমানৰ পৰা কাথৰল পাহাৰ আৰু গোৰা ডংগাৰ ফল্ট লাইনৰ কাষত হোৱা ভূমিকম্পই ইংগিত দিয়ে যে এই তিনিটা ফল্ট লাইন একেলগে সক্ৰিয় হৈ পৰিছে।”
চৌহানৰ মতে, বৃহৎ ভূমিকম্পৰ পাছত একৰ পৰা তিনি প্ৰাবল্যৰ আফটাৰশ্বকে আন এটা বৃহৎ ভূমিকম্পৰ সম্ভাৱনা হ্ৰাস কৰে। কিন্তু একেলগে একাধিক ফল্ট লাইন সক্ৰিয় হ’লে ভৱিষ্যতে বৃহৎ ভূমিকম্পৰ সম্ভাৱনা বৃদ্ধি পায়।
