Uttarakhand :✒️উত্তৰাখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ। ঘটনাটোত এই পৰ্যন্ত সাতজন লোকৰ মৃত্যু হৈছে। আহত কমেও ১২জন ।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ১৮ৰ পৰা ১৯জন যাত্ৰী কঢ়িয়াই অনা বাছখন মঙলবাৰে পুৱা নৈনিতালৰ ৰামনগৰৰ পৰা আলমোৰাৰ দ্বাৰাহাট অভিমুখে ৰাওনা হৈছিল।
কিন্তু বাছখন ভিকিয়াচইন অঞ্চলৰ কাষ চাপি অহাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে। বিকট শব্দ শুনি স্থানীয় বাসিন্দাসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহায় কৰে।
এই খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত কমেও সাতজন লোকৰ মৃত্যু হৈছে, আৰু কমেও ১২ জন লোক আহত হৈছে।
দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “এই ঘটনাত মই গভীৰ শোকাহত।মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।আহতসকল সোনকালে আৰোগ্য লাভ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”
