দেশত পাৰিবাৰিক ঋণ ৪২ শতাংশ বৃদ্ধি

মার্চত পৰিমাণ হ'ব পাৰে ২৫ লাখ কোটি টকা

IMG 20260103 161554

Loan:✒️২০১৯ৰ পৰা ২০২৪ৰ পৰ্যন্ত পাঁচ বছৰৰ সময়সীমা ভাৰতত পাৰিবাৰিক ঋণৰ হাৰ মুঠ ঋণৰ মাজত গড়ে ৩৮ শতাংশ আছিল। ধাৰাবাহিকভাৱে কম-বেছি পৰিমাণে এই হাৰ অব্যাহত আছিল।

কিন্তু ২০২৫ বৰ্ষত পাৰিবাৰিক ঋণ গ্ৰহণৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পালে। মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ নিৰিখত ঋণৰ পৰিমাণ বৃদ্ধি পাইছে। বর্তমানে দেশত পাৰিবাৰিক ঋণ গ্ৰহণৰ হাৰ ৪২ শতাংশলৈ বৃদ্ধি পালে।

ভোগপণ্য ক্ৰয়ৰ পৰা ঘৰ মেৰামতি, পুৰণি ঋণ পৰিশোধ কৰি নতুন ঋণ লোৱাৰ ফলত ভাৰতীয়ৰ পাৰিবাৰিক ঋণ অবিহতভাৱে ঊর্ধ্বমুখী হৈছে। সবাতোকৈ উদ্বেগজনক প্ৰৱণতা হ’ল ব্যক্তিগত ঋণ গ্ৰহণৰ প্ৰৱণতা ভাৰতীয়ৰ মাজত বৃদ্ধি পাইছে।

এই ঋণ পৰিশোধৰ ক্ষমতা নথকাৰ ফলত সুদৰ পৰিমাণো বৃদ্ধি পাইছে। ২০২৬ৰ মাৰ্চত দেশৰ পাৰিবাৰিক ঋণৰ পৰিমাণ ২৫ লাখ কোটি টকালৈ বৃদ্ধি পাব বুলি ভাৰতীয় ৰিজার্ভ বেংকৰ এক প্রতিবেদনত উল্লেখ কৰিছে।

২০২৪ বৰ্ষত দেশৰ মুঠ পাৰিবাৰিক ঋণৰ পৰিমাণ আছিল ১৮ লাখ কোটি টকা। ২০১৫ত এই পৰিমাণ আছিল ৩.৫ লাখ কোটি টকা।

Exit mobile version