Accident:✒️চাবুৱাৰ হাতীআলিত আজি এক গুৰুতৰ পথ দুৰ্ঘটনাত পতিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়। তথ্য অনুসৰি ,কনভয়ৰ তিনিখনকৈ বাহন দুৰ্ঘটনাপতিত হয় আৰু বাহনসমূহ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।
দুৰ্ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যাত্ৰা কৰা বাহনখনো ঘটনাস্থলীত উপস্থিত আছিল যদিও সৌভাগ্যক্রমে সেই বাহনখন কোনো গুৰুতৰ ক্ষতিৰ পৰা কথমপি ৰক্ষা পৰে। উক্ত বাহনখনতে সাংসদ ৰামেশ্বৰ তেলীও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স’তে আছিল।
এই দুৰ্ঘটনাত কনভয়ৰ দায়িত্বত নিয়োজিত কেবাজনো আৰক্ষীৰ লোক কম-বেছি পৰিমাণে আহত হয়। দুৰ্ঘটনাৰ পাছতে স্থানীয় লোক আৰু আৰক্ষীয়ে তৎক্ষণাৎ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে আৰু আহত আৰক্ষীসকলক তৎক্ষণাৎ নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ঘটনাস্থলীত কিছু সময়ৰ বাবে যান-বাহন চলাচল ব্যাহত হয় যদিও পিছলৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনা হয়। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
