দেশত পূর্ণগতিত অব্যাহত ধন বিতৰণ-বিনামূলীয়া আঁচনিক লৈ অসন্তুষ্ট স্বয়ং প্রধানমন্ত্রী মোদীৰ আৰ্থিক উপদেষ্টা

পৰৱৰ্তী প্রজন্মলৈ প্ৰচণ্ড ধাৰৰ বোজা সৃষ্টি

IMG 20260105 105922

দেশত ঢাক-ঢোল বজাই ৰূপায়ণ কৰি থকা চৰকাৰী ধন বিতৰণ আৰু বিনামূলীয়া আঁচনিসমূহক লৈ সমালোচনাত মুখৰ হৈছে স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আৰ্থিক উপদেষ্টা। প্ৰধানমন্ত্ৰীৰ আৰ্থিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সান্যালে সংবাদ মাধ্যমৰ আগত কয় যে সামাজিক সুৰক্ষা প্রদানকাৰী কল্যাণমূলক আঁচনি আৰু ৰাজনৈতিক উদ্দেশ্য প্রণোদিত বিনামূলীয়া আঁচনিৰ মাজত বৃহৎ পার্থক্য আছে।

অর্থনীতিবিদ সান্যালে সতর্ক কৰি দিছে যে এনে বিনামূলীয়া আঁচনি ৰূপায়ণ আৰু ধন বিতৰণে পাছৰ প্ৰজন্মৰ ওপৰত প্ৰচণ্ড ধাৰৰ বোজাৰ সৃষ্টি কৰিব। এই সম্পর্কত তেওঁ আৰু কয়, ‘আর্থিক অসুৰক্ষাৰ মাজত থকা যিকোনো সমাজৰ বাবে এটা পর্যায়লৈ এক আর্থিক সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন হয়। বোজা বহন কৰা সংস্কৃতিত বিফলতা অৱশ্যম্ভাবী।

এটা স্টার্টআপ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতে হওক বা এখন দোকান খোলাৰ ক্ষেত্রতে হওক প্রতিটো স্তৰতে বিপদ বা বোজাৰ আশংকা থাকে। আৰম্ভণিতে কিছু সংখ্যক লোক ব্যৰ্থ হ’ব পাৰে আৰু সমাজে তেওঁলোকক আর্থিক সুৰক্ষা দিয়াৰ প্রয়োজন।’

নিজেও দৰিদ্ৰ শ্ৰেণীৰ লোকসকললৈ কিছু পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ পক্ষপাতী বুলি উল্লেখ কৰি তেওঁ লগতে সতর্ক কৰি দিয়ে যে কেৱল অর্থনৈতিক বৃদ্ধিয়েহে প্রত্যেকৰে অবস্থা উন্নত কৰিব বুলি ধৰি লোৱাটো শুদ্ধ নহয়। ইয়াৰ পৰিৱৰ্তে দৰিদ্ৰসকললৈ সম্পদ বৃদ্ধিৰ বাবে সাহায্য আগবঢ়োৱাৰ পোষকতা কৰে অর্থনীতিবিদজনে।

এই সম্পর্কত তেওঁ আৰু কয়, ‘সম্পদ বৃদ্ধি ঘটিছে; কিন্তু ইয়ে প্রত্যেকৰ ওচৰ চপা নাই। আমি বিচৰাটো হ’ল সাহায্যৰ জৰিয়তে সম্পদ বৃদ্ধি। ইয়াৰ উদ্দেশ্য হ’ল যিসকলে নিজা সামৰ্থ্যৰে উন্নতিৰ পথ বুলিব নোৱাৰে সেইসকলক সহায় কৰা।’

মহিলাসকললৈ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা দিয়াৰ লেখীয়া লক্ষ্য অনির্দিষ্ট হিতাধিকাৰী থকা আঁচনিৰ পয়োভৰক সমালোচনা কৰি তেওঁ আৰু কয়, ‘এনে আঁচনিৰ লক্ষ্য নাই। এগৰাকী মহিলাৰ দৰে এজন দৰিদ্ৰ পুৰুষেও ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত সকাহ পোৱাৰ যোগ্য।

এনেবোৰ আঁচনি সুপৰিকল্পিত কল্যাণমূলক আঁচনি হোৱাতকৈ স্পষ্ট ৰূপৰ বিনামুলীয়া আঁচনিহে।’ সান্যালৰ মতে পৰিচয়গত বিচাৰতকৈ আর্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখিহে ৰাজসাহায্য আগবঢ়োবা উচিত। একেদৰে তেওঁ অসামৰিক সেৱাৰ ক্ষেত্ৰত পুৰণি উদাৰ পেন্সন আঁচনি পুনৰ প্ৰবৰ্তনক লৈয়ো গভীৰ উদ্বেগ প্রকাশ কৰে।

এই বিনামূলীয়া আঁচনি আৰু পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন সম্পর্কত তেওঁ কয়, ‘আপোনালোকে আমাৰ পাছৰ প্ৰজন্মৰ বাবে ধাৰৰ বোজাৰ সৃষ্টি কৰিছে। আগন্তুক ২৫ বছৰৰ পাছত ভাৰতত কর্মক্ষম বয়সৰ লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰিব। তেতিয়া অৱসৰ লোৱা সকলে পৰৱৰ্তী প্রজন্মৰ কান্ধত ধাৰৰ বোজা জাপি দিব।’

ইউৰোপত কর্মক্ষম বয়সৰ লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰাৰ ফলত মহাদেশখনত সৃষ্টি হোৱা সমস্যাৰ কথাও তেওঁ আঙুলিয়াই দিয়ে। সান্যালে লগতে কয়, ‘ইউৰোপৰ বহু সংখ্যক দেশত অৱসৰৰ বয়স ৭০ বা ৭৫ বছৰলৈ বৃদ্ধি কৰা হৈছে। আজি ফ্রান্সত কৰ্মৰত লোকতকৈ পেন্সন লাভ কৰা লোকৰ সংখ্যা অধিক হৈছে।

যদি বাস্তৱৰ বিত্তীয় অবস্থাৰ কথা উপলব্ধি কৰা নহয়, তেন্তে ভাৰততো এনে পৰিস্থিতি সৃষ্টিৰ আশংকা আছে।’ গতিকে তেওঁ যুব অসামৰিক চাকৰিয়ালসকলক পুৰণি পেন্সন নীতি প্ৰৱৰ্তনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। এইসকলক উদ্দেশি তেওঁ কয়, ‘আপোনালোকৰ কৰ্ম জীৱনত ৩৫ বছৰ কৰ দিব লাগিব। কিন্তু যেতিয়া আপোনালোক শাৰীৰ সম্মুখত উপস্থিত হ’ব তেতিয়া আপোনালোকক দৰমহা দিবলৈ আৰু পইচা নাথাকিব। যোগ-বিয়োগ অংকই আৰু কাম নিদিব।’

Exit mobile version