Narendra Modi:✒️২০২৪ৰ নির্বাচনৰ পূর্বে ১০ লাখ নিযুক্তিৰ প্রতিশ্রুতি দিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কিন্তু বাস্তবত নিবনুৱাক কর্মসংস্থাপন প্রদানত মোদী চৰকাৰে ব্যর্থ হোৱাৰ তথ্য পোহৰলৈ আহিল। বিশেষজ্ঞ সংস্থা চেষ্টাৰ ফ’ৰ মণিটৰিং ইন্ডিয়ান ইক’ন’মি (চিএমআইই) ব প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ডিচেম্বৰত দেশত গড় নিবনুৱাৰ হাৰ আছিল ৬.৯ শতাংশ। নবেম্বৰত নিবনুৱাৰ এই হাৰ আছিল ৪.৭ শতাংশ।
শতকৰা বৃদ্ধিৰ হিচাপত বছৰৰ অন্তিম মাহত এমাহতে দেশত নিবনুৱাৰ হাৰ ৪৬ শতাংশকো অধিক বৃদ্ধি পালে। বিশেষজ্ঞৰ মতে স্থায়ী নিযুক্তিৰ পৰিৱর্তে কেন্দ্রীয় চৰকাৰে অধিকাংশ ক্ষেত্রত চুক্তিভিত্তিত নিয়োগৰ পদক্ষেপ গ্রহণ কৰাৰ ফলত দেশত দ্রুতহাবত নিবনুৱাৰ সংখ্যাবৃদ্ধি অব্যাহত আছে।
নৱেম্বৰত দেশৰ চহৰ আৰু গ্রামীণ অঞ্চলত নিবনুৱাৰ হাৰৰ বিশেষ পার্থক্য নাছিল। চিএমআইইৰ প্রতিবেদন অনুসৰি, জুন আৰু অক্টোবৰতো গ্রামীণ আৰু চহৰীয়া নিবনুৱা হাৰৰ পাৰ্থক্য অধিক আছিল।
এই দুই মাহৰ নিবনুৱাৰ হাৰ আছিল ক্রমে ৫.৬ আৰু ৫.২ শতাংশ। জুনৰ পৰা নৱেম্বৰ পর্যন্ত দেশত নিবনুৱাৰ হাৰ এমাহত পাঁচৰ পৰা সর্বাধিক ৫.৬ শতাংশৰ ভিতৰত আছিল। কিন্তু ডিচেম্বৰত নিবনুৱাৰ হাব ৪৬ শতাংশ বৃদ্ধিবে ৬.৯ শতাংশ হৈছিল।
