Elon Muck:
ভেনিজুৱেলাত মার্কিন সেনাবাহিনীৰ সফল অভিযানৰ পাছত আনন্দ উদযাপন কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। পত্নী মেলানিয়া ট্রাম্পৰ স’তে মার্কিন ৰাষ্ট্ৰপতিয়ে যোৱা নিশা আনন্দ উদযাপন কৰি বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কৰ স’তে নৈশ আহাৰত অংশ লৈছে।
এই সন্দৰ্ভত মাস্কে ‘এক্স’ত এক প’ষ্টত এখন ফটো শ্বেয়াৰ কৰি এইদৰে লিখিলে, ‘যোৱা নিশা ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ফার্স্ট লেডী মেলানিয়া ট্রাম্পৰ স’তে সুস্বাদু নৈশ আহাৰ গ্রহণ কৰিলো। ২০২৬ বহুত চমকপ্রদ হ’ব।’ মাস্কে প’ষ্টকৰা ফটোত তেওঁৰ স’তে ট্রাম্প আৰু মেলানিয়াই একেলগে আহাৰ গ্ৰহণৰ দৃশ্য আবদ্ধ হৈছিল। উল্লেখ্য যে মাস্ক আৰু ভেনিজুৱেলাৰ অপসাৰিত ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰ পৰস্পৰৰ পুৰণি শত্ৰু হিচাপে পৰিচিত। মাদুৰ’ৰ গ্রেপ্তাৰৰ পাছতে মাস্কে ট্রাম্পক শুভেচ্ছা জ্ঞাপন কৰিছিল। মাদুৰ’ৰে পূর্বে মাস্কক তেওঁৰ সবাতোকৈ গুৰুতৰ শত্রু বুলি অভিহিত কৰিছিল। তদুপৰি মাদুৰ’ৰে ভেনিজুৱেলাত মাস্ক মালিকনাধীন সামাজিক মাধ্যম ‘এক্স’ নিষিদ্ধ কৰিছিল। একেদৰে মাস্কেও মাদুৰ’ক স্বেচ্ছাচাৰী অভিহিত কৰি আহিছে।
