Trump – Modi:
আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি হ্ৰাস কৰাৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিলে। ট্রাম্পে কয় যে ভাৰতে তেওঁক সন্তুষ্ট কৰিবলে এই সিদ্ধান্ত ললে।
ৱাশিংটনত সংবাদ মাধ্যমৰ আগত ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি হ্রাস কৰাৰ প্ৰসংগত মন্তব্য কৰি ট্রাম্পে ক’লে, ‘তেওঁ মোক সুখী কৰিব বিচাৰিছে। প্রধানমন্ত্রী মোদী বৰ ভাল মানুহ। তেওঁ জানে যে মই সুখী নাছিলো আৰু সেয়েহে মোক সুখী কৰিবলৈ জৰুৰী আছিল ৷ আমি ব্যৱসায় কৰো আৰু তেওঁৰ বিৰুদ্ধে শুল্ক বৃদ্ধি কৰিব পাৰো।
