ইন্দোৰ পানী বিষক্ৰিয়া কাণ্ডৰ পাছত কেন্দ্ৰীয় প্ৰতিবেদনত ভয়ংকৰ ছবি

New Project 17

Water:✒️মধ্য প্ৰদেশৰ ইন্দোৰত দূষিত পানীৰ ফলত হোৱা বিষক্ৰিয়াত ১০ জন লোকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। এই ঘটনাৰ মাজতেই প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন , য’ত কোৱা হৈছে— বিজেপিশাসিত মধ্য প্ৰদেশত পানীৰ প্ৰায় এক-তৃতীয়াংশই বিষাক্ত।

উল্লেখযোগ্য যে, এই প্ৰতিবেদনটো প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।কেন্দ্ৰৰ জল জীৱন মিশন আঁচনিৰ অধীনত বিগত চাৰি জানুৱাৰীত প্ৰকাশিত এই প্ৰতিবেদন অনুসাৰে, মধ্য প্ৰদেশত মাত্ৰ ৬৩.৩ শতাংশ পানীহে পানযোগ্য।

আনহাতে, দেশৰ ৰাষ্ট্ৰীয় গড় হাৰ হৈছে ৭৬ শতাংশ। অৰ্থাৎ, ৰাজ্যখনত প্ৰায় ৩৬.৭ শতাংশ পানী দূষিত, য’ত বটেৰিয়া অথবা ৰাসায়নিক পদাৰ্থ মিহলি হৈ আছে।

২০২৪ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত মধ্য প্ৰদেশৰ গ্ৰামাঞ্চলৰ অন্তত ১৫ হেজাৰ ঘৰত গৈ পানী পৰীক্ষা কৰাৰ পাছত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়সমূহত পৰিস্থিতি আৰু অধিক ভয়াৱহ। তাত মাত্ৰ ১২ শতাংশ পানীহে পানযোগ্য, য’ত ৰাষ্ট্ৰীয় গড় হাৰ হৈছে ৮৩.১ শতাংশ। অৰ্থাৎ, মধ্য প্ৰদেশৰ প্ৰায় ৮৮ শতাংশ চৰকাৰী চিকিৎসালয়ত যোগান ধৰা পানীয়ে বিষাক্ত।

ইয়াৰ উপৰিও, ৰাজ্যখনৰ বিদ্যালয়সমূহত ২৬.৭ শতাংশ পানী বকটেৰিয়াৰ উপস্থিতি পোৱা গৈছে বুলিও কেন্দ্ৰীয় প্ৰতিবেদনত কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি, ইন্দোৰ জিলাত ১০০ শতাংশ ঘৰত পানী সংযোগ আছে, যদিও মাত্ৰ ৩৩ শতাংশ পৰিয়ালেহে পৰিস্ৰুত পানী লাভ কৰে। উল্লেখযোগ্য যে, কিছুদিন আগতে ইন্দোৰ পৌৰ নিগমে যোগান ধৰা পানী খোৱাৰ ফলতেই ইটোৰ পাছত সিটোকৈ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত শতাধিক লোক অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।

চৰকাৰী প্ৰতিবেদনত দাবী কৰা হৈছে যে, ভগীৰথপুৰা অঞ্চলত পৌৰ নিগমে যোগান ধৰা পানীত মুখ্য পাইপলাইনত ছিদ্ৰ ধৰা পৰিছিল। সেই পাইপলাইনৰ ওপৰত এটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল। অনুমান কৰা হৈছে যে, সেই ঠাইৰ পৰাই পানী দূষিত হৈছে।

Exit mobile version