প্ৰধানমন্ত্ৰীলৈ যোগীৰ স্বৰ্ণৰ ৰামমন্দিৰ উপহাৰ

দিল্লীৰ বৈঠকৰ পাছতে উত্তৰপ্ৰদেশত মন্ত্রিসভা পৰিবৰ্তনক লৈ চৰ্চা

Maithil 1 1

Yogi Adityanath:✒️উত্তৰ প্ৰদেশৰ ৰাজনীতিত এতিয়া উত্তেজনা বৃদ্ধি পাইছে। বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা বছৰ। এই পৰিস্থিতিৰ মাজতেই লক্ষ্ণৌত মন্ত্রিসভাক লৈ চলিচে ইটোৰ পাছত সিটো চৰ্চা ।

এই আবহত সোমবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে সাক্ষাৎ কৰে। যদিও এই সাক্ষাৎক সৌজন্য সাক্ষাৎ বুলি কোৱা হৈছে, তথাপিও ৰাজনৈতিক মহলে ইয়াক গুৰুত্বপূৰ্ণ বুলি অনুমান কৰে।

এই বৈঠকৰ সময়ত যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীক অযোধ্যাৰ ৰামমন্দিৰৰ এখন বিশেষ প্ৰতিচ্ছবি উপহাৰ হিচাপে দিয়ে। প্ৰায় দু কিলোগ্ৰাম সোণ আৰু ৰূপেৰে নিৰ্মিত এই শিল্পকর্মটো কাশীৰ পৰম্পৰাগত গোলাপী মীনাকাৰী শিল্পৰ এক অনন্য নিদৰ্শন। এই প্ৰতিচ্ছবিখন প্ৰসিদ্ধ শিল্পী কুঞ্জবিহাৰী সিঙে তৈয়াৰ কৰিছে।

এই শিল্পকর্মটোৰ বিশেষত্ব হ’ল ইয়াক ১০৮টা অংশত নিৰ্মাণ কৰা হৈছে। ইয়াক তৈয়াৰ কৰিবলৈ ১০৮ দিন সময় লাগিছে। তথ্য অনুসৰি নিৰ্মাণৰ সময়ছোৱাত নিৰবচ্ছিন্নভাৱে ‘ৰাম ধুন’ গোৱা হৈছিল। মন্দিৰৰ হীৰা খচিত চূড়া আৰু ভিতৰৰ আলোকসজ্জাই লক্ষ্ণৌৰ কাৰিগৰীৰ উৎকৃষ্টতা দেখুৱাইছে।

বৈঠক শেষ হোৱাৰ পাছত যোগী আদিত্যনাথে সামাজিক মাধ্যমত জনাইছে যে প্ৰধানমন্ত্ৰীৰ স’তে হোৱা আলোচনা অত্যন্ত ফলপ্ৰসূ আছিল। প্ৰধানমন্ত্ৰীৰ দিহা-নিৰ্দেশে ‘নতুন উত্তৰ প্ৰদেশ’ গঢ়াৰ পথত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে।

অৱশ্যে ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই সাক্ষাৎ কেৱল উপহাৰ আদান-প্ৰদানতেই সীমাবদ্ধ নহয়। নিৰ্বাচনৰ আগতে মন্ত্রিসভাত বৃহৎ পৰিবৰ্তনৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবেই এই সাক্ষাৎ হৈছে বুলি বহুতে অনুমান কৰে।

ইফালে, একেদিনাই লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ কবিন্দৰ গুপ্তাও প্ৰধানমন্ত্ৰীৰ স’তে সাক্ষাৎ কৰে। এই বৈঠকত লাডাখৰ পৰিকাঠামো আৰু পৰ্যটন উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়।

সৰ্বমুঠ, সোমবাৰে দিল্লীত উত্তৰ প্ৰদেশ আৰু লাডাখ—দুয়োটা গুৰুত্বপূৰ্ণ অঞ্চলৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে।

Exit mobile version