Fake Note Seized :
:জালনোট সৰবৰাহকাৰীৰ চক্ৰৰ বাবে বিশেষ কৰিডৰ হৈ পৰিছে গুৱাহাটী ৷ এনে চক্ৰৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে কঠোৰস্থিতি লৈ অহাৰ মাজতে বশিষ্ঠ আৰক্ষীৰ জালত বৃহৎ জালনোট চক্ৰ। বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাহিল শিকদাৰ , ইছলাম আলী আৰু আন্নাছ আলী নামৰ কুখ্যাত জালনোট সৰবৰাহ কাৰী কেইটাক।
উল্লেখ্য যে, জাল নোট সৰবৰাহকাৰী কেইটাক পূৰ্বতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত জামিন লাভ কৰি পুনৰ জাল নোট সৰবৰাহৰ স’তে জড়িত হৈ পৰে।
