Smuggler:✒️আমেৰিকাত বৃহৎ পৰিমাণৰ মাদক উদ্ধাৰ। ১৩৬ কেজি কোকেনসহ দুজন ভাৰতীয় ট্ৰাক চালকক গ্ৰেপ্তাৰ কৰা হৈছে আমেৰিকাৰ ইণ্ডিয়ানাত। দেশখনৰ আমেৰিকাৰ ডিপাৰ্টমেণ্ট অৱ হোমলেণ্ড ছিকিউৰিটি (ডিএইচএছ)এ এক বিবৃতি জাৰি কৰি জনাইছে এই তথ্য ।
ডিএইচএছৰ মতে, এখন ট্ৰাকযোগে এই মাদক সৰবৰাহ কৰা হৈছিল। তল্লাশিৰ সময়ত ট্ৰাকখনৰ পৰা ১৩৬ কেজি কোকেন উদ্ধাৰ কৰা হয়। বিগত চাৰি জানুৱাৰীত ইণ্ডিয়ানাৰ পুটনাম কাউণ্টিৰ পৰা গুৰপ্ৰীৎ সিং আৰু জছবীৰ সিং নামৰ এই দুজন ভাৰতীয়ক মাদকসহ গ্ৰেপ্তাৰ কৰা হয়।
বিবৃতিত কোৱা হৈছে, উদ্ধাৰ হোৱা এই পৰিমাণৰ কোকেনে প্ৰায় এক লক্ষ ১৩ হাজাৰতকৈ অধিক আমেৰিকাবাসীৰ প্ৰাণ ল’ব পৰা সক্ষমতা আছিল। ধৃত দুজনৰ পৰা কেলিফৰ্ণিয়াৰ ড্ৰাইভিং লাইচেন্সো উদ্ধাৰ কৰা হৈছে।
ডিএইচএছ সূত্ৰে জানোৱা মতে, গুৰপ্ৰীৎ সিঙে ২০২৩ চনৰ ১১ মাৰ্চত অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিছিল। সেই সময়ত তেওঁ গ্ৰেপ্তাৰ হৈছিল যদিও প্ৰাক্তন ৰাষ্ট্ৰপতি জ’বাইডেনৰ কাৰ্যকালত তেওঁক মুক্তি দিয়া হৈছিল। গুৰপ্ৰীতে নিজেও অবৈধ প্ৰৱেশৰ কথা স্বীকাৰ কৰিছে বুলি ডিএইচএছৰ দাবী।
আনহাতে, জছবীৰ সিঙে ২০১৭ চনত আমেৰিকাত অনুপ্ৰৱেশ কৰিছিল। তেওঁ কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ হৈছিল যদিও পিছলৈ তেওঁকো মুক্তি দিয়া হৈছিল। বৰ্তমান আৰক্ষীয়ে ধৃত দুজনক জেৰা কৰি মাদক ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহ কৰা হৈছিল, সেই বিষয়ত অনুসন্ধান অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে, ক্ষমতাত অহাৰ পাছতেই মাদক সন্ত্রাসৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ একাধিকবাৰ অভিযোগ কৰিছে যে মেক্সিকো, কলম্বিয়া আৰু ভেনেজুৱেলাৰ দৰে দেশসমূহ আমেৰিকাত মাদক সন্ত্রাস চলাই আছে।
