Telangana:✒️তেলেঙ্গানাৰ ৰাঙ্গা ৰেড্ডি জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰি জন কলেজীয়া শিক্ষাৰ্থীৰ মৃত্যু। বুধবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট নহয়। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষী সূত্ৰে জানোৱা মতে, নিশা এখন বগা ৰঙৰ চাৰিচকীয়া গাড়িত পাঁচজন কলেজীয়া শিক্ষাৰ্থী যাত্ৰা কৰি আছিল। মিৰ্জাগুদা গেটৰ ওচৰত আহি গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে আৰু তাৰ পাছত এজোপা গছত প্ৰচণ্ড জোৰে আঘাত কৰে।
দুৰ্ঘটনাটো ইমানেই তীব্ৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ভাঙি যায়। ফলস্বৰূপে ভিতৰত থকা যাত্ৰীসকল বাহিৰ ওলাই আহিব নোৱাৰিলে। বিকট শব্দ শুনি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীৰ মতে, ঘটনাস্থলীতেই চাৰি জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। আন এগৰাকী ছাত্ৰীক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁ চিকিৎসাধীন। মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়ালৈ নিশ্চিত নহয়। প্ৰাথমিক তদন্তত আৰক্ষীৰ অনুমান, গাড়ীখনৰ গতি অত্যন্ত বেছি আছিল। সেই বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অনুমান।
