গোটেই দিনটোৰ পাচন শক্তি আৰু অন্ত্ৰৰ স্বাস্থ্য বহুলাংশে নিৰ্ভৰ কৰে পুৱা সাৰ পালে কি পান কৰে তাৰ ওপৰত। খালী পেটত উপযুক্ত পানীয় সেৱন কৰিলে পাচনতন্ত্র সক্রিয় হয়, কোষ্ঠকাঠিন্য হ্রাস পায় আৰু শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। সাতটা এনে পানীয় পুৱা পান কৰিব পাৰিব-
নেমুৰ পানী
নেমুৰ ৰস কুহুমীয়া পানীৰ লগত মিহলাই খালে পেটত পাচনতন্ত্ৰৰ ৰসৰ নিঃসৰণ বৃদ্ধি পায়। নেমুত থকা চাইট্রিক এচিডে খাদ্য ভাঙি পেলোৱাত সহায় কৰে আৰু যকৃত পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।
মৌ মিহলি পানী
মৌত প্রাকৃতিক এনজাইম থাকে, যিয়ে পাচন প্রক্রিয়া উন্নত কৰে। ৰাতিপুৱা খালী পেটত মৌৰ পানী সেরন কৰিলে অন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু গেছ আৰু হার্টবাৰ্ণৰ সমস্যাৰ হ্ৰাস কৰাত সহায় কৰে।
জিৰা পানী
ৰাতি তিয়াই জিৰা খালে আৰু ৰাতিপুৱা উতলাই বা চেকি লৈ পান কৰিলে হজম শক্তি বৃদ্ধি পায়। জিৰাত থকা এন্টিঅক্সিডেন্ট আৰু প্রাকৃতিক তেলে গেছ, বদহজম, পেট ফুলা ৰোগ হ্রাস কৰে। আদাৰ চাহ (চেনিবিহীন)
হজম শক্তিৰ বাবে আদা অতি উপকাৰী। ৰাতিপুৱা লঘু আদাৰ চাহ খালে পাচনতন্ত্ৰৰ ৰস সক্রিয় হয়, বমি আৰু পেটৰ অস্বস্তি কমি যায়। আদাই অন্তৰ স্বাভাবিক কার্যক্ষমতা বজাই ৰখাটো সহায় কৰে।
মেথিৰ পানী
ৰাতিপুৱা ৰাতি তিয়াই থোৱা মেথি গুটিৰ পানী খালে কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। মেথিত থকা আঁহে অস্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে আৰু লগতে তেজৰ চেনিৰ মাত্রাও নিয়ন্ত্রণ কৰে।
দৈ পানী
দৈত থকা প্র’বায়’টিকে ভাল বেক্টেৰিয়া বৃদ্ধি কৰে, যাৰ ফলত হজম শক্তি উন্নত হয়। ৰাতিপুৱা দৈ সেৱন কৰিলে অস্ত্র সুস্থ হৈ থাকে আৰু সহজে হজম হয়।
গৰম পানী
ৰাতিপুৱা এগিলাচ গৰম পানী হজম শক্তিৰ বাবে আটাইতকৈ সহজ আৰু ফলপ্রসূ পানীয়। ই অন্ত্রক উদ্দীপিত কৰে, জমা হোৱা বিষাক্ত পদার্থ আঁতৰোৱাত সহায় কৰে, বিপাকীয় ক্রিয়া বৃদ্ধি কৰে। নিয়মিতভাবে গৰম পানী খোৱাৰ ফলতো কোষ্ঠকাঠিন্য হ্রাস পায়।
