Iran:✒️দিনে দিনে বৃদ্ধি পাইছে ইৰান আৰু আমেৰিকাৰ মাজত উত্তেজনা । এইবাৰ ইৰানৰ এটা চৰকাৰী সংবাদমাধ্যমে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পোনপটীয়াকৈ হত্যাৰ ভাবুকি দিয়া বুলি গুৰুতৰ অভিযোগ উঠিছে। ঘটনাটোক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাঞ্চল্য সৃষ্টি হৈছে।
২০২৪ চনত পেনচিলভেনিয়াৰ বাটলাৰ চহৰত অনুষ্ঠিত এখন নিৰ্বাচনী জনসভাৰ সময়ত এজন বন্দুকধাৰীয়ে ড’নাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা কৰিছিল। গুলীটো তেওঁৰ কাণ ছুঁই বাহিৰ হৈ যায়।
কথমপি প্ৰাণৰক্ষা হয় যদিও ঘটনাত তেওঁ আঘাতপ্ৰাপ্ত হৈ ৰক্তাক্ত হৈছিল। সেই ঘটনাৰ এখন ছবি প্ৰকাশ কৰি ইৰানৰ উক্ত সংবাদমাধ্যমে পাৰ্সি ভাষাত লিখিছিল— “এইবাৰ গুলী লক্ষ্যভ্ৰষ্ট নহ’ব।”
ইজৰাইলি–আমেৰিকান সাংবাদিক এমিলি শ্র্যাডাৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এখন ছবিত দেখা যায়, ইৰানৰ এটা টেলিভিছন চেনেলত ড’নাল্ড ট্ৰাম্পৰ ৰক্তাক্ত মুখৰ ছবি প্ৰচাৰ কৰা হৈছে আৰু তাত পাৰ্সি ভাষাত লিখা আছে— “এইবাৰ গুলী মিছ নহ’ব।”
বিষয়টো প্ৰকাশ্যেত অহাৰ পাছতে ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।কূটনৈতিক মহলৰ মতে, চৰকাৰী সংবাদমাধ্যমৰ জৰিয়তে এইধৰণৰ বক্তব্য প্ৰচাৰ কৰি তেহৰানে আমেৰিকাক কূটনৈতিকভাৱে সকীয়নি দিব বিচাৰিছে।
ইফালে ইৰানৰ ভিতৰচৰত মূল্যবৃদ্ধি, স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতা, লগতে কট্টৰ ধৰ্মীয় শাসনৰ বিৰুদ্ধে ক্ষুব্ধ জনতাৰ প্ৰতিবাদ বৃদ্ধি পাইছে।
এই সমগ্ৰ পৰিস্থিতিক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পূৰ্বেও অসন্তোষ প্ৰকাশ কৰি প্ৰয়োজন হ’লে ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰ সকিয়নি দিছিল।
এনে এক উত্তপ্ত পৰিস্থিতিৰ মাজতে এই হত্যাৰ ভাবুকিৰ অভিযোগে দুয়ো দেশৰ মাজত উত্তেজনা অধিক বৃদ্ধি কৰাৰ আশংকা প্ৰকাশ পাইছে।
এই বিষয়ত এতিয়ালৈকে তেহৰান বা ৱাশিংটনৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।
