ফ্ৰান্সৰ বিখ্যাত ৱাইন আৰু শ্যাম্পেনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপৰ হুমকি দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সোমবাৰে নিজেই এই ঘোষণা কৰি ট্ৰাম্পে কয়, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুয়েল মাক্ৰোঁ তেওঁৰ প্ৰস্তাৱিত ‘ব’র্ড অফ পিচ’ত যোগ দিব। তথ্য অনুসৰি ,এই দাবী পেৰিছৰ সন্মতি নোলোৱাকৈয়ে কৰিছে ট্ৰাম্পে।
যদিও ট্ৰাম্পে শুল্ক আৰোপৰ স্পষ্ট কাৰণ প্ৰকাশ কৰা নাই, তথাপি কূটনৈতিক সূত্ৰই জনাইছে যে ‘ব’র্ড অফ পিচ’ত যোগ দিবলৈ ফ্ৰান্সৰ অনিচ্ছাই ট্ৰাম্পৰ অসন্তোষৰ মূল কাৰণ।
পেৰিছৰ ওপৰত চাপ সৃষ্টি কৰাৰ লক্ষ্যেই ফ্ৰান্সৰ এই দুই জনপ্ৰিয় সুৰাৰ ওপৰত শুল্ক আৰোপৰ কথা ঘোষণা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। এই সন্দৰ্ভত এতিয়ালৈকে ফ্ৰান্স চৰকাৰৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা নাই।
ট্ৰাম্পৰ দাবী অনুসৰি, ‘ব’র্ড অফ পিচ’ৰ লক্ষ্য বিশ্বজুৰি শান্তি স্থাপন কৰা। আৰম্ভণিতে গাজা সংকট সমাধানৰ ওপৰত গুৰুত্ব দিয়া হ’ব আৰু তাৰ পাছত আন আঞ্চলিক বিবাদসমূহতো হস্তক্ষেপ কৰিব এই গোষ্ঠীয়ে।
তথ্য অনুসৰি, এই গোষ্ঠীত যোগ দিলে প্ৰাথমিকভাৱে তিন বছৰৰ সদস্যপদ দিয়া হ’ব। কিন্তু স্থায়ী সদস্য হ’বলৈ ১০০ কোটি ডলাৰ (প্ৰায় ন হেজাৰ কোটি টকা) অনুদান দিব লাগিব।
ইতিমধ্যেই ভাৰত, পাকিস্তান, হাঙ্গেৰী, ভিয়েতনাম, অষ্ট্ৰেলিয়া, ফ্ৰান্স, ব্ৰিটেইন, ইটালি, আৰ্জেণ্টিনা, জাৰ্মানি, কানাডা, মিছৰ, তুৰস্কসহ বিশ্বৰ প্ৰায় ৬০খন দেশক ‘ব’র্ড অফ পিচ’ত যোগদানৰ আমন্ত্ৰণ জনোৱা হৈছে।
কিন্তু বহু দেশেই আশংকা কৰিছে যে এই গোষ্ঠীৰ জৰিয়তে আমেৰিকাই ৰাষ্ট্ৰপুঞ্জৰ ভূমিকা আৰু ক্ষমতা খৰ্ব কৰিবলৈ চেষ্টা কৰিছে। ফ্ৰান্সৰ আশংকাও তেনেকুৱাই। উল্লেখযোগ্য যে, ফ্ৰান্স ৰাষ্ট্ৰপুঞ্জৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য।
পেৰিছৰ মত অনুসৰি, বিশ্ব সংকট সমাধানৰ ক্ষেত্ৰত এতিয়ালৈকে চলি অহা আন্তঃৰাষ্ট্ৰীয় নিয়ম ব্যৱস্থাক অটুট ৰখাই তেওঁলোকৰ প্ৰধান লক্ষ্য। সেইবাবেই আমেৰিকাৰ এই প্ৰস্তাৱত ফ্ৰান্স সন্মত নহ’ব বুলি সংবাদসংস্থা এএফপিয়ে জনাইছে।
বিশ্লেষকৰ মতে, ফ্ৰান্সৰ এই স্পষ্ট অনিচ্ছাৰ সংকেত পোৱাৰ পাছতেই ট্ৰাম্পে শুল্ক আৰোপৰ হুমকি আগবঢ়ালে।
