২০২৬ত গ্ৰিনলেণ্ড হ’ব আমেৰিকাৰ অংশ :ট্ৰাম্পৰ দাবী

IMG 20260120 155944

গ্ৰিনলেণ্ডক লৈ নতুন দাবি উত্থাপন কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সোমবাৰে সামাজিক মাধ্যমত এখন কাল্পনিক গ্ৰাফিক প’ষ্ট শ্বেয়াৰ কৰি তেওঁ ইংগিত দিয়ে যে, বিশ্বৰ সৰ্ববৃহৎ দ্বীপ গ্ৰিনলেণ্ড ২০২৬ চনতেই আমেৰিকাৰ ভূখণ্ডৰ অংশ হ’ব পাৰে।

উক্ত গ্ৰাফিকত ট্ৰাম্পৰ লগতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু বিদেশ সচিব মার্কো ৰুবিয়োক দেখা গৈছে। তেওঁলোকৰ সন্মুখত এখন কাঠৰ ব’ৰ্ডত লিখা আছে— “গ্ৰিনলেণ্ড— আমেৰিকাৰ অংশ”, “প্ৰতিষ্ঠাবর্ষ ২০২৬”।

যদিও এই প’ষ্ট সম্পূৰ্ণৰূপে কাল্পনিক, তথাপি ইয়াৰ জৰিয়তে ট্ৰাম্পে নিজৰ ৰাজনৈতিক অভিলাষ স্পষ্ট কৰিছে বুলি ধাৰণা কৰা হৈছে।

হোৱাইট হাউছে পূৰ্বৰে পৰা দাবী কৰি আহিছে যে, আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰিবলৈ গ্ৰিনলেণ্ডৰ কৌশলগত নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয়। ইয়াৰ ফলত মেৰু অঞ্চলত আমেৰিকাৰ উপস্থিতি অধিক শক্তিশালী হ’ব বুলিও তেওঁলোকৰ যুক্তি।

ট্ৰাম্পে লগতে সকীয়নি দিয়ে কয়,গ্ৰিনলেণ্ডক লৈ আমেৰিকাৰ দাবী যিসকল দেশে মানিবলৈ অস্বীকাৰ কৰিব, তেওঁলোকৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব পাৰে। তেওঁ অভিযোগ কৰে যে, নেটোৰ বহু বছৰীয়া সতর্কবাণীৰ পাছতো ডেনমাৰ্কে গ্ৰিনলেণ্ডক সম্ভাৱ্য ৰাছিয়ান আগ্ৰাসনৰ পৰা সুৰক্ষিত কৰিবলৈ কোনো কাৰ্যকৰী পদক্ষেপ ল’ব পৰা নাই।

ট্ৰাম্পৰ দাবী মতে, বৰ্তমান গ্ৰিনলেণ্ডত ৰাছিয়া আৰু চীনৰ প্ৰভাৱ ধীৰে ধীৰে বৃদ্ধি পাইছে। ইতিমধ্যে এই বিষয়ত একমত নোহোৱা ইউৰোপৰ কেবাখনো দেশৰ পণ্যে ১০ শতাংশ শুল্ক আৰোপ কৰা হৈছে। ট্ৰাম্পৰ মতে, গ্ৰিনলেণ্ডৰ সুৰক্ষা নিশ্চিত কৰিব পৰা একমাত্ৰ শক্তিশালী দেশ হৈছে আমেৰিকা।

Exit mobile version