Guwahati:
মহানগৰীৰ একাংশ স্পা চেলুনত স্পা কৰাৰ নামত দেহ ব্যৱসায় কৰাৰ অভিযোগ উদ্থাপিত হৈ অহাৰ মাজতে মঙলবাৰে বিশেষ খবৰৰ ভিত্তিত ৰাজগড়স্থিত কালাৰ্ছ ইউনিচেক্স স্পা চেলুনত আৰক্ষীয়ে অৰ্তকিতে চলাই অভিযান। এটা বন্ধ কোঠাত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় অসংযত অৱস্থাত থকা এহাল যুৱক-যুৱতীক।এগৰাকী সেনা জোৱান আৰু এগৰাকী যুৱতী অপকৰ্মত লিপ্ত হৈ থাকোঁতে দৰ্জাত টোকৰ পৰে আৰক্ষীৰ। লগে লগে আটাইকে আটক কৰে । আটক কৰা হয় স্পাখনৰ মেনেজাৰসহ আন দুগৰাকী যুৱতীক। একেদৰে মধ্যভোগী যুৱক এজনকো আৰক্ষীয়ে আটক কৰে ৷
