Indonesia:✒️ইণ্ডোনেছিয়াৰ মুনা দ্বীপত উদ্ধাৰ হৈছে বিশ্বৰে সবাতোকৈ প্রাচীন গুহা শিল্প। চুণশিলৰ গুহাত হাতেৰে অংকিত এই শিল্প ৬৭,৮০০ বছৰ পুৰণি বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। হালধীয়া-মুগা ৰঙৰ এই চিত্র সম্প্রতি ইণ্ডোনেছিয়া আৰু অস্ট্রেলিয়াৰ একাংশ গৱেষকে বিশ্লেষণ কৰি আছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুনা দ্বীপৰ দ্বীপৰ ছুলারেছি প্রদেশত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় গৱেষণা আৰু উদ্ভাৱন সংস্থাৰ পুৰাতত্ত্ববিদ আধি এগাছ অক্টাভিয়ানাই ২০১৫ৰ পৰা হাতেৰে আঁকা গুহা শিল্পৰ সন্ধান কৰে।
পুৰাতত্ত্ববিদজনৰ এই সন্ধানৰ সময়তে বিশ্বৰে সবাতোকৈ প্রাচীন গুহা শিল্প উদ্ধাৰ হয়। এই চিত্র হৈছে এটা ঘোঁৰাত উঠি থকা এজন মানুহৰ। অশ্বাৰোহীজনৰ কাষত এটা কুকুৰা আছে। বিশেষজ্ঞসকলে প্রকাশ কৰা অনুসৰি এই চিত্রকর্মই হৈছে বিশ্বৰ সবাতোকৈ প্রাচীন চিত্রকর্ম। এই সম্পৰ্কত অস্ট্রেলিয়াৰ গ্রিফিথ বিশ্ববিদ্যালয়ৰ পুৰাতাত্ত্বিক বিজ্ঞানৰ বিশেষজ্ঞ মেক্সিন ঔবার্টে কয়, ‘ছুলাৱেছিত উদ্ধাৰ হোৱা এই চিত্ৰকৰ্মৰ শৈলী সুকীয়া। এই চিত্রকর্ম হৈছে বিশ্বৰে সবাতোকৈ পুৰণি গুহা চিত্রকর্ম।’ আনহাতে, এই চিত্রকর্ম সম্পৰ্কত ঔবাৰ্টৰ সহযোগী আদাম ক্রমে কয় যে যিজন লোকে এই ছবিখন অংকন কৰিছিল, তেওঁ দৰাচলতে কিবা এটা আঁকিবলৈ বিচাৰিছিল।
চিত্ৰখনত থকা মানুহজনৰ এখন হাতক এটা জন্তুৰ দাঁতৰ আলুলৈ ৰূপান্তৰ কৰিবলৈ বিচাৰিছিল। ইয়ে কোনো এক গভীৰ সাংস্কৃতিক অর্থ স্পষ্টভাবে বুজাইছে বুলিও বিশেষজ্ঞ ব্রুমে মন্তব্য কৰে।
সম্প্রতি গৱেষকসকলে এই চিত্ৰৰ প্রকৃত চিত্র অংকনৰ প্ৰকৃত সময় নির্ধাৰণৰ চেষ্টা কৰি আছে। চিত্ৰখনত জমা হোৱা ইউৰেনিয়ামৰ কিছু অংশ লৈ গৱেষকসকলে অধ্যয়ন অব্যাহত ৰাখিছে। চিত্ৰখনত আন এক তেজস্ক্রিয় ধাতু থৰিয়ামৰ উপস্থিতিও ধৰা পৰিছে বুলি গবেষকসকলে জনায়। এই সম্পর্কত ঔবার্টে কয় যে এনে তেজস্ক্রিয় ধাতুৰ উপস্থিতিৰ বাবে চিত্ৰখনৰ বয়স শুদ্ধভাৱে নির্ধাৰণ কৰাটো সহজ হ’ব।
বিজ্ঞানীসকলে লগতে এই কথাও প্রতিষ্ঠা কৰিছে যে একালত দীর্ঘকাল ধৰি মুনাৰ গুহাসমূহক শিলৰ চিত্ৰ অংকনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এনে কেতবোৰ চিত্ৰ ৩৫ হেজাৰ বছৰ পর্যন্ত পুৰণি বুলি বিজ্ঞানীসকলে তথ্য উদ্ধাৰ কৰিছে। উল্লেখ্য যে পূব টাইমূৰ আৰু অষ্ট্ৰেলিয়াৰ দৰে ইণ্ডোনেছিয়াক আগুৰি ৰখা অঞ্চল বিশ্বৰ কেতবোৰ প্ৰাচীন পুৰাতাত্ত্বিক সমল উদ্ধাৰৰ বাবে বিখ্যাত।
ইণ্ডোনেছিয়াৰ ক্ষেত্ৰত এই কথাও কোৱা হয় যে প্রাচীন কালত দেশখনৰ বাসিন্দাসকল সুদক্ষ নাৱিক আছিল। সম্প্রতি এই কথা প্রমাণিত হৈছে যে তেওঁলোক কেৱল সুদক্ষ নারিকেই নাছিল, শিল্পীও আছিল।
