Himachal Pradesh:✒️হিমাচল প্ৰদেশত অব্যাহত তুষাৰপাতৰ ফলত বহু অঞ্চল দুইৰ পৰা তিন ফুট বৰফৰ তলত সোমাই পৰিছে । একে সময়তে তুষাৰপাত অব্যাহত থকাৰ বাবে পৰিস্থিতি অধিক কঠিন হৈ পৰিছে। এনে অৱস্থাত পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য প্ৰশাসনে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে।
চিমলা, মানালি আৰু কুফৰি দৰে জনপ্ৰিয় পৰ্যটনস্থলসমূহত তুষাৰপাত আৰম্ভ হোৱাৰ লগে লগে পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে। সপ্তাহান্তৰ ছুটি আৰু ২৩ৰ পৰা ২৬ জানুৱাৰীলৈ ছুটি থকাৰ সুযোগ লৈ বহু পৰ্যটক হিমাচলৰ পাহাৰীয়া চহৰসমূহত আহি উপস্থিত হৈছে।
প্ৰশাসন সূত্রে জনোৱা অনুসৰি, চণ্ডীগড়, পঞ্জাৱ, হৰিয়ানা আৰু দিল্লীৰ পৰা বৃহৎ সংখ্যক পৰ্যটক হিমাচললৈ আহিছে। শনিবাৰতো চিমলা আৰু উঁচু পাহাৰীয়া অঞ্চলসমূহত তুষাৰপাত অব্যাহত আছে।
সবাতোকৈ অধিক তুষাৰপাত কিন্নৌৰ জিলাৰ কোঠি অঞ্চলত হৈছে। তাত প্ৰায় তিন ফুটতকৈও অধিক বৰফে পথ সম্পূৰ্ণৰূপে ঢাকি পেলাইছে। আনহাতে, কুফৰি আৰু চিমলাতো প্ৰায় দু’ফুট বৰফ জমা হৈছে।
তুষাৰপাতৰ ফলত পথসমূহ ঢাকি যোৱাৰ বাবে বাইক আৰু গাড়ী চালকসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। চণ্ডীগড়ৰ পৰা কুফৰি অভিমুখে যাত্ৰা কৰা পৰ্যটকসকলক শিমলাৰ সলনি শিমলা বাইপাছ হৈ নিউ আইএছবিটি তুতিকাণ্ডি পথ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে।
ইফালে, তুষাৰপাতৰ লগে লগে পৰ্যটকৰ আগমনে হোটেল ব্যৱসায়লৈ পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে। হোটেল মালিকসকলৰ মতে, শিমলাত হোটেল, গেষ্ট হাউছ আৰু ৰেষ্ট হাউছসমূহ প্ৰায় ৮০ শতাংশলৈ বুক হোৱাৰ সম্ভাৱনা আছে।
