Eggs:✒️বেংককৰ মাহিডোল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে কণীৰ ওপৰত গবেষণা চলাই কিছু নতুন ব্যাখ্যা আগবঢ়াইছে। গৱেষকৰ দলটোৱে নিতৌ এটাকৈ কণী খাব লাগে বুলি উল্লেখ কৰিছে। নিয়মীয়াকৈ এগৰাকী সুস্থ লোকে কণী খালে শৰীৰৰ বাবে উপকাৰী ক’লেষ্টেৰল লাভ কৰিব পৰে।
এনে হ’লে হার্ট এটেকৰ আশংকা ভালেখিনি হ্রাস পাব। গৱেষকৰ দলটোৱে উল্লেখ কৰা মতে এগৰাকী সুস্থ লোকে নিতৌ তিনিটাকৈ কণী খালেও ক’লেষ্টেৰল বৃদ্ধি নাপায়। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে শৰীৰত ৮০ শতাংশ ক’লেষ্টেৰল লিভাৰ বা যকৃতত উৎপন্ন হয়। বাকী ২০ শতাংশহে আহে খাদ্যৰ পৰা।
যেতিয়া খাদ্যৰ পৰা শৰীৰৰ প্ৰয়োজনতকৈ বেছি ক’লেষ্টেৰল লাভ কৰে তেতিয়া লিভাৰে কম উৎপন্ন কৰিব। গতিকে এই ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা হোৱা পৰিলক্ষিত হয়। কণীত যি চর্বি বা ক’লেষ্টেৰল থাকে সেয়া হ’ল ইমালছিফায়েড ফেট বা চর্বি।
শৰীৰে এই সকলোবোৰ স্বাভাৱিক নিয়মেই আত্মীয়কৰণ কৰিব পাৰিলে কুহুমসহ কণী খালে অপকাৰ নহয়। কণীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। সকলো ধৰণৰ অত্যাবশ্যকীয় এমাইনো এচিডৰ সংমিশ্রণত প্রস্তুত হোৱা প্ৰ’টিন শিশুৰ পৰা আৰম্ভ কৰি বয়ঃসন্ধিলৈকে প্রয়োজনীয় উপাদান হিচাপে আখ্যা দিয়া হয়।
‘নিউট্রিচন এণ্ড ফুড ছায়েন্স’ নামৰ পত্রিকাখনত কণী সম্পর্কে বহুতো নতুন তথ্য প্রকাশ পাইছে। ব্রিটিছ এগ ইন্ডাষ্ট্রি কাউন্সিলে উল্লেখ কৰিছে যে নিতৌ দুটাকৈ কণী সিজাই খালে ক’লেষ্টেৰল বৃদ্ধি নাপায়।
কণী খোৱাৰ পাছত শৰীৰে ইয়াৰ ৯৩.৭ শতাংশ উপাদানেই উদৰস্থ কৰে। অর্থাৎ শৰীৰে ইয়াত থকা উপাদানসমূহ সহজে গ্রহণ কৰে। গাখীৰ, মাছ আদিৰ আত্মীয়কৰণৰ হাৰ ৮৪.৫ আৰু ৭৬ শতাংশ।
ব্রিটিছ পুষ্টি বিশেষজ্ঞ ডাঃ কেৰী ৰাক্সটনে এইবুলি উল্লেখ কৰিছে ঘৰৰ বাহিৰত অৰ্থাৎ ৰাস্তা-ঘাটে নিৰাপদ খাদ্যবিধ হ’ল কণী। আনহাতে আমেৰিকান একাডেমী অর এলার্জী, এজমা এন্ড ইমিউনোল’জিৰ বাৰ্ষিক সভাত কণীৰ পৰা হোৱা এলাৰ্জীৰ প্ৰসংগত অন্য ধৰণে ব্যাখ্যা আগবঢ়াইছে।
বিশেষজ্ঞসকলৰ একাংশই এইবুলি মন্তব্য আগবঢ়াইছে যে যিসকল শিশুৰ কণী আৰু গাখীৰ খালে এলার্জী সৃষ্টি হয় তেনে শিশুক সামান্য পৰিমাণে কণী আৰু গাখীৰ খুওৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। এনেদৰে খোৱাৰ ফলত শিশুসকল খাদ্যবিধৰ প্ৰতি থকা এলার্জী নোহোৱা হ’বলৈ ধৰিব।
পৰৱৰ্তী সময়ত এলাৰ্জীৰ স’তে সহাৱস্থান কৰিবলৈ সক্ষম হ’ব। অৱশ্যে এনে কৰাৰ সময়ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰাও উচিত। এক সমীক্ষা অনুযায়ী উন্নত দেশসমূহৰ শিশুসকলে বছৰি গড়ে ২৮০টাৰ পৰা ৩১০টা কণী খায়। ভাৰতৰ অধিকাংশ শিশুরে পুষ্টিহীনতাৰ চিকাৰ হৈছে।
এনে শিশুৰ সুস্বাস্থ্যৰ বাবে যিবোৰ উপাদানৰ প্রয়োজন, সেইবোৰৰ ভিতৰত কণী নিতৌ ৩০ গ্রাম খাবই লাগিব।
