চিৰাঙ জিলাৰ আমটেকা অন্তাইবাৰী (খাটাং বজাৰ)ত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। হঠাৎ উচ্চ বিদ্যুৎ প্ৰৱাহিত হৈ কৰুণ মৃত্যুক সাৱতিলে তিনিজনলোকে ।তথ্য অনুসৰি ঘটনাটো নিশা প্ৰায় ১১ বজাত সংঘটিত হয়।
স্থানীয় সূত্র অনুসৰি, গাঁওখনত আকস্মিকভাৱে উচ্চ বিদ্যুৎ প্ৰৱাহিত হৈ বিদ্যুৎপৃষ্ঠৰ সৃষ্টি হয়। সেই সময়তে তিনিজনলোকে প্ৰাণ হেৰুৱায় আৰু দুজন লোক গুৰুতৰভাৱে আহত হয়।
নিহত লোকসকল হৈছে, দৈমালু নাৰ্জাৰী, বিজয় মুছাহাৰী আৰু মাইকেল বসুমতাৰী। উল্লেখযোগ্য যে, মাইকেল বসুমতাৰীৰ কালি বিয়াখন সম্পন্ন হৈছিল।
সুখৰ মুহূৰ্ততে নামি অহা এই দুৰ্ঘটনাই পৰিয়ালসহ সমগ্ৰ গাঁওখনক শোকৰ ছাঁ পেলাইছে ।
তথ্য অনুসৰি, বিয়া ঘৰসহ গাঁওখনৰ আন কেবাটাও স্থানত একে সময়তে উচ্চ বিদ্যুৎ প্ৰৱাহিত হৈছিল। ঘটনাৰ পাছত অঞ্চলজুৰি আতংক আৰু শোকৰ পৰিৱেশে বিৰাজ কৰিছে।
