দিনটোৰ ৰাশিফল

iStock 1227007149

Zodiac signs inside of horoscope circle astrology and horoscopes concept

Horoscope :✒️মেষ: আর্থিকভাৱে দিনটো শুভ। পৰিয়ালৰ স’তে চলি থকা যিকোনো সমস্যাৰ সমাধান হ’ব। প্রেমত বাধা আহিব পাৰে। বিদ্যার্থীসকলৰ বাবে বহু বেছি ভাল নহয়। শুভ ৰং সুমথিৰা। শুভ সংখ্যা ৫।

বৃষ: দিনটোৰ বেছিভাগ সময় পৰাপক্ষত ঘৰুৱা সদস্যসকলৰ লগত কটাওক। মানসিক শান্তিৰ বাবে ধর্মীয় স্থানলৈ যোৱাটো ভাল। বিদ্যার্থীসকলে পঢ়া-শুনাত গুৰুত্ব দিয়ক। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

মিথুন: আজিৰ দিনটোত যদি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ’লে কৰিব পাৰিব। যান-বাহন চলোৱা লোকসকলে আজি সাৱধানে যান-বাহন চলাব। শুভ ৰং কমলা। শুভ সংখ্যা ৪।

কর্কট: সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। দিনটো শুভ ফলদায়ক হ’ব। নতুন ব্যৱসায়ৰ পৰিকল্পনা নকৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

সিংহ: সাংসাৰিক দিশত অশান্তি হ’ব পাৰে। প্ৰেমত শুভ। শৰীৰ স্বাস্থ্যৰ উন্নতি। ব্যৱসায়-বাণিজ্যৰ জৰিয়তে উন্নতিৰ যোগ। টকা-পইচাৰ ক্ষেত্ৰত সাৱধানে থাকক। মানসিক দিশত হেঁচা পৰিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

কন্যা: ব্যৱসায়-বাণিজ্যত বাধা-বিঘিনি আহিব যদিও প্রয়োজনীয় মূলধনৰ কাৰণে চিন্তা থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আর্থিকভাৱে আয় বৃদ্ধি পাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।

তুলা: কর্মক্ষেত্রত লাভ হ’ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত আজিৰ দিনটো বহু ভাল নহয়। ব্যৱসায়ী সকলৰ ব্যৱসায়-বাণিজ্যৰ জৰিয়তে আর্থিক উন্নতিৰ লগত সম্মান বৃদ্ধিৰ যোগ। শুভ ৰং মাখন। শুভ সংখ্যা ২।

বৃশ্চিক: পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল ফল পাব। মা-দেউতাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্রেমত শুভ। ব্যৱসায়-বাণিজ্যৰ মাধ্যমত আয় বৃদ্ধিৰ যোগ। ঘৰৰ পৰা আর্থিক দিশত বাধা আহিব পাৰে। শুভ ৰং ৰঙা। শুভসংখ্যা ৬।

ধনু: সাংসাৰিক দিশত শান্তি থাকিব যদিও সন্তানৰ বাবে চিন্তা বৃদ্ধি কাৰক। ব্যৱসায় বা কর্মক্ষেত্রত বাধা আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি কাম কৰিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৬।

মকৰ: আজি আপোনাৰ প্ৰিয় বন্ধুৰ ব্যৱহাৰে আপোনাক আঘাতপ্রাপ্ত কৰিব। চাকৰিৰ স্থান সলনি হ’ব পাৰে। কর্মক্ষেত্ৰত মানসিকভাৱে হেঁচা পৰিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৭।

কুম্ভ: পুৱাৰ ভাগৰ পৰা শৰীৰত কিছু ধৰণৰ অশান্তি হ’ব পাৰে। সন্তানৰ শুভকৰ্মৰ কাৰণে সমাজৰ আগত সন্মানিত হ’ব। ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।

মীন: কৰ্মস্থানৰ যোগেদি বিদেশ ভ্রমণৰ যোগ। বিবাহৰ ক্ষেত্ৰত বেছি সময় নষ্ট নকৰিব। বিদ্যার্থীসকলৰ শুভ। সাংসাৰিক দিশত অশান্তি হ’ব পাৰে। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৯।

Exit mobile version