পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি!

ইৰানৰ বিৰুদ্ধে আমেৰিকাক সহায় নকৰাৰ স্পষ্ট ঘোষণা ইউএইৰ

IMG 20260127 102130

মাৰ্কিন ৰণতৰী ইউছএছ আব্ৰাহাম লিংকন পশ্চিম এছিয়াত উপস্থিত হোৱাৰ পাছতে অঞ্চলটোত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আমেৰিকাৰ ঘনিষ্ঠ বন্ধু দেশ সংযুক্ত আৰব আমিৰশ্বাহি (UAE)য়ে নিজৰ অৱস্থান স্পষ্ট কৰি দিছে।

ইউএইৰ বিদেশ মন্ত্ৰালয়ে সোমবাৰে জাৰি কৰা এক বিবৃতিত জনাইছে যে ইৰানৰ বিৰুদ্ধে কোনো ধৰণৰ সামৰিক অভিযানত ইউএইৰ ভূখণ্ড, আকাশসীমা বা জলসীমা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব।

লগতে তেওঁলোকে স্পষ্ট কৰি দিয়ে যে এই বিষয়ত আমেৰিকাক কোনো ধৰণৰ সামৰিক সহযোগিতাও আগবঢ়োৱা নহ’ব।

উল্লেখযোগ্য যে, ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতোল্লা আলি খামেনেইৰ বিৰুদ্ধে চলা গণবিক্ষোভত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ্যে সমৰ্থন জনোৱাৰ পাছতে আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই সময়তে পশ্চিম এছিয়াত উপস্থিত হৈছে শক্তিশালী মাৰ্কিন নৌবহৰ ইউএছএছ আব্ৰাহাম লিংকন, য’ত যুদ্ধবিমান উঠা-নমা কৰিব পৰা সুবিধাও আছে। অৱশ্যে আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডৰ মতে, এই ৰণতৰী ইৰান সীমান্ত সংলগ্ন আৰব সাগৰত নহয়, বৰঞ্চ ভাৰত মহাসাগৰত মোতায়েন কৰা হৈছে, অঞ্চলটোৰ স্থিতাবস্থা আৰু নিৰাপত্তা বজাই ৰাখিবলৈ।

এই ঘটনাক কেন্দ্ৰ কৰি পশ্চিম এশিয়াত কূটনৈতিক তৎপৰতা অধিক তীব্ৰ হৈ উঠিছে।

Exit mobile version