ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্ৰণহে কৰক

is rice fattening large

ভাত সকলোৰে প্রিয় খাদ্য। দিনটোৰ ভিতৰত সকলোৱে কম বেছি পৰিমাণে ভাত খায়। শৰীৰত মেদ জমা হোৱা আৰু ডায়েবেটিছ প্ৰতিৰোধৰ বাবে কিছুমান লোকে ভাত কম পৰিমাণে খোৱাৰ অভ্যাস গঢ়ি তোলে।

তদুপৰি বহুতৰ বাবে আকৌ আতংকৰ কাৰণ হৈ পৰে। অৱশ্যে দৈনন্দিন খাদ্য তালিকাত ভাত অন্তর্ভুক্ত কৰি ওজন, বোগ আদি নিয়ন্ত্রণ কৰিব পাৰি।

ভাতৰ পৰিমাণ নিয়ন্ত্রণ কৰিব লাগিব। দুপৰীয়া অথবা নিশাৰ ভিতৰত মাত্ৰ এবাৰ ভাত খাব লাগে।

ভাতৰ পুষ্টিগুণৰ ওপৰত ভালেখিনি বিষয় নির্ভৰ কৰে। আজিকালি প্রায়ভাগ লোকে প্ৰেচাৰ কুকাৰত ভাত বান্ধে। আগতে কেৰাহি অথবা চচপেন আদিত ভাত ৰান্ধি ভাতৰ মাৰ পেলাই দিছিল। ভাত ৰন্ধাৰ পদ্ধতি যিয়েই নহওক কিয় মাৰ পেলাব নালাগে। কিয়নো ভাতৰ মাৰত পানীত দ্রবণীয় খনিজ পদার্থ আৰু ভিটামিন আদি অটুট থাকে।

মনত ৰখা উচিত বগা চাউলৰ বিপৰীতে ৰঙা ৰঙৰ চাউলত ফাইবাৰ বেছি থাকে। আনহাতে, ইয়াত কেলৰি কম পৰিমাণে পোৱা যায়।

যিহেতু ফ্রাইড ৰাইচ, পোলাও, বিবিয়ানি আদিত কেলৰি প্ৰচুৰ পৰিমাণে পোৱা যায় সেয়ে এইবোৰ কম পৰিমাণে খোৱাটোৱে শৰীৰৰ বাবে মংগলজনক ।

ভাত কম পৰিমাণে খাই যদি ফাষ্ট ফুড, জাংক ফুড আইচ ক্রীম, চকলেট আদি বেছিকৈ খায় তেতিয়া হিতে বিপৰীত হ’ব।

খাদ্য গ্রহণ কৰা থালখনত এক চতুর্থাংশহে ভাত ল’ব লাগে। এক চতুর্থাংশ মাছ, মাংস বা প্র’টিন থাকিব লাগিব। বাকীখিনি শাক-পাচলিৰ লগতে চালাড আদি অন্তর্ভুক্ত হ’লে সুফল পোৱা যাব।

যিবোৰ চাউলত সাধাৰণতে এমাইলোজ বেছি থাকে সেইবোৰত শৰ্কৰা কম বাঢ়ে। এইবোৰ চাউলেৰে ভাত বন্ধাৰ পাছতো এটা এটা হৈ পৰে। আনহাতে, যিবোৰ ভাত আলতিয়া হয় সেইবোৰত এমাইলোজ কম থকাৰ বিপৰীতে এমাইলোপেটি বেছি থাকে বাবে শৰ্কৰাও বৃদ্ধি পায়।

ভাত যে একেবাৰে খাদ্য তালিকাৰ পৰা বাদ দিব লাগিব তেনে কোনো কথা নাই। শাৰীৰিক মানসিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ভাতৰ পৰিমাণ নির্ণয় কৰিলে বিপদ হোৱাৰ আশংকা নাথাকে।

Exit mobile version