Cattle Seized in Rupahihat:
নগাঁৱত দিনন দিনে বৃদ্ধি পাইছে চোৰাং গৰু সৰবৰাহৰ ঘটনা ৷ এনে ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰস্থিতি লৈ অহাৰ মাজতে মঙলবাৰে নিশা ৰূপহীহাটৰ ঔঅনাত আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় গৰু ভৰ্তি পিক আপ ভান ৷ বিশেষ খবৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে গৰু ভৰ্তি পিক আপ ট্রাক খন জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰী দুই নং বৰঘূলীৰ নুৰ হুছেইন আৰু মফিদুল ইছলামক আটক কৰে ৷
উল্লেখ্য যে জব্দকৃত পিক আপ ট্রাক খনত চৈধ্য টাকৈ গৰুৰ মূখ, চাৰি, ঠেঙ ৰছিৰে বান্ধি অতি নৃশংস ভাৱে গাড়ীখনৰ বডীৰ তলত পেলাই কৌশলেৰে লৈ আনিছিল।
