ডাম্বলৰে মূৰত বাৰে বাৰে আঘাত কৰাৰ ফলত অতিৰিক্ত ৰক্তপাত হৈ দিল্লী আৰক্ষীৰ মহিলা কমাণ্ডো কাজল চৌধুৰীৰ মৃত্যু । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । এই ঘটনাত ইতিমধ্যেই স্বামী অংকুৰক অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে।
দিল্লীত সংঘটিত হৈছে এই কৰুণ ঘটনা । মৃত কাজল চৌধুৰী দিল্লী আৰক্ষীৰ SWAT ইউনিটৰ বিশেষ কমাণ্ডো হিচাপে কৰ্মৰত আছিল।
২০২২ চনত স্নাতক পৰ্যায়ৰ পঢ়াশুনাৰ সময়তে অংকুৰৰ স’তে তেওঁৰ পৰিচয় হয়। বন্ধুত্বৰ পৰা প্ৰেম, আৰু ঠিক এবছৰৰ ভিতৰতে ২০২৩ চনত দুয়োৰে বিবাহ হয়। অংকুৰ প্ৰতিৰক্ষা বিভাগত কৰ্মচাৰী আছিল।
কাজলৰ পিতৃ আৰু ভাতৃৰ অভিযোগ অনুসৰি, বিবাহৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে কাজলৰ ওপৰত অত্যাচাৰ আৰম্ভ হয়। যৌতুক হিচাপে অংকুৰে ঘৰ আৰু গাড়ীৰ দাবী কৰিছিল বুলি অভিযোগ উত্থাপন হয়।
উল্লেখ্য যে,সেই দাবী পূৰণ কৰিব নোৱাৰাৰ বাবেই কাজলক প্ৰায়ে মাৰধৰ কৰা হৈছিল। সেই সময়ছোৱাত দম্পতী হাৰিয়ানাত বাস কৰিছিল। পৰৱৰ্তী সময়ত কাজলে দিল্লী আৰক্ষীৰ চাকৰি পোৱাৰ পাছত দুয়ো ৰাজধানী দিল্লীলৈ স্থানান্তৰিত হয়। পৰিয়ালৰ দাবী, তাত গৈ অত্যাচাৰ আৰু বৃদ্ধি পায়।
২২ জানুৱাৰী, নিশা প্ৰায় ১০ বজাত যৌতুকক লৈ কাজল আৰু অংকুৰৰ মাজত তীব্ৰ বিবাদ হয়। অভিযোগ অনুসৰি, সেই সময়তেই অংকুৰে ডাম্বলৰে কাজলৰ মূৰত আঘাত কৰে। চাৰিওফালে কাজলৰ তেজেৰে । তৎক্ষণাৎ দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাজলক ভর্তি কৰোৱা হয়।
কিন্তু অতিসংখ্যক ৰক্তপাতৰ ফলত চিকিৎসকসকলে কাজলৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। ২৭ জানুৱাৰী, মঙলবাৰে জীৱন-মৃত্যুৰ যুদ্ধত হাৰি যায় কাজল।
এই ঘটনাৰ পাছত কাজলৰ পিতৃয়ে সংবাদমাধ্যমক কয়,
“মোৰ জীয়াৰী চাৰি মাহৰ অন্তঃসত্ত্বা আছিল। ইয়াত কেৱল এটা নহয়, দুটা প্ৰাণ নাশ কৰা হৈছে। অংকুৰে নিজৰ হাতে নিজৰ পত্নী আৰু সন্তানক হত্যা কৰিছে।”
ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা খুনৰ গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী অংকুৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
