US-Canada Traffic War:✒️পুনৰ কানাডাৰ বিৰুদ্ধে তীব্ৰ হৈ উঠিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। এইবাৰ কানাডাই ৰপ্তানি কৰা বিমানৰ ওপৰত তেওঁ ৫০ শতাংশ শুল্ক আৰোপৰ সকিয়নী দিয়ে। নেপথ্যত আছে কানাডা চৰকাৰৰ এক সিদ্ধান্ত।
আমেৰিকাৰ বিমান নিৰ্মাতা সংস্থা গাল্ফষ্ট্ৰিম এৰোস্পেছৰ জেটসমূহক কানাডাই বিক্ৰী অনুমোদনৰ প্ৰমাণপত্ৰ নিদিয়াত ক্ষুব্ধ হৈছে ট্ৰাম্প। তেওঁৰ স্পষ্ট সকিয়নী— কানাডাই যদি তৎক্ষণাৎ সিদ্ধান্ত সলনি নকৰে, তেন্তে প্ৰতিশোধ হিচাপে আমেৰিকাত বিক্ৰী হোৱা কানাডীয় বিমানে ৫০ শতাংশ শুল্ক বহন কৰিব লাগিব।
ইয়াতেই থমকি নাথাকি ট্ৰাম্পে আৰু ক’লে, ভৱিষ্যতে কানাডাৰ বোম্বাৰ্ডিয়াৰ সংস্থাৰ জেটসহ সকলো কানাডীয় বিমানে প্ৰমাণপত্ৰ বাতিল হ’ব পাৰে। ট্ৰাম্পৰ অভিযোগ, কানাডাই অনৈতিক আৰু অবৈধভাৱে গাল্ফষ্ট্ৰিমক প্ৰমাণপত্ৰ নিদিলে।
উল্লেখযোগ্য যে, বোম্বাৰ্ডিয়াৰ আৰু গাল্ফষ্ট্ৰিম— এই দুয়োটা সংস্থা জেট বজাৰৰ ডাঙৰ প্ৰতিদ্বন্দ্বী। ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজতে এতিয়া আমেৰিকা আৰু কানাডাৰ চৰকাৰো মুখামুখি।
এই সংঘাত নতুন নহয়; ২০১৭ চনত ট্ৰাম্পে বোম্বাৰ্ডিয়াৰৰ বিমানত শুল্ক আৰোপ কৰিছিল যদিও পাছত আমেৰিকাৰ বাণিজ্য আয়োগে সেই সিদ্ধান্ত নাকচ কৰিছিল।
ইয়াৰ মাজতে আমেৰিকা–কানাডা সম্পৰ্ক অধিক অভাৱ-অনটন দিশে। কানাডাই চীনৰ স’তে বাণিজ্যিক বুজাবুজিৰ চেষ্টা চলোৱাতো ট্ৰাম্প ক্ষুব্ধ। চীনৰ বৈদ্যুতিক গাড়ী কম শুল্কত আমদানি আৰু কানাডাৰ কৃষিজ পণ্য চীনলৈ ৰপ্তানিৰ সম্ভাৱ্য চুক্তিক লৈ ট্ৰাম্পৰ কঠোৰ আপত্তি।
তেওঁৰ সকিয়নী,“চীনৰ স’তে চুক্তি হ’লে, কানাডাৰ সকলো পণ্যে ১০০ শতাংশ শুল্ক বহন কৰিব লাগিব।”
শেহতীয়াকৈ ডাভোছৰ বিশ্ব অৰ্থনৈতিক সম্মিলনত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নে আমেৰিকাৰ নাম নোলোৱাকৈ ডাঙৰ শক্তিসমূহৰ অৰ্থনৈতিক দমননীতিৰ সমালোচনা কৰিছিল। আমেৰিকাৰ ওপৰত নিৰ্ভৰতা কমাবলৈ আন দেশৰ স’তে বাণিজ্য বৃদ্ধিৰ কথাও কৈছিল। এই মন্তব্যত অসন্তুষ্ট ট্ৰাম্পৰ মাজতেই এই ‘জেট’ যুদ্ধ প্ৰকাশ্যে হ’ল।
