West Karbianglong:
নিশা হঠাৎ সৃষ্টি হ’ল এক উদুলি-মুদুলি আৰু উছৱমুখৰ পৰিৱেশ পশ্চিম কাৰ্বি আংলঙৰ জেংক্ৰ গাঁৱত। কাৰ্বি জনগোষ্ঠীয় পৰম্পৰাগত ‘হাছা কেকান’ উদযাপনৰ উদ্দেশ্যে গাঁওখনত কার্বি লোক সংস্কৃতিৰ নৃত্য-গীত পৰিবেশন কৰিবলৈ যুৱক-যুৱতীৰ এটা দল উপস্থিত হোৱাৰ পাছতেই উদুলি-মুদুলি পৰিৱেশ সৃষ্টি হয় গাঁওখনত।
‘হাছা কেকান’ উৎসৱ হৈছে পথাৰৰ সোণগুটি বা পাহাৰৰ ঝুম খেতিৰ পকা ধান চপোৱাৰ পাছত ঘৰৰ লৈ লখিমীক আদৰি অনাৰ এক পর্ব। এই উৎসৱ বিশেষকৈ নিশাৰ ভাগত উদ্যাপন কৰা হয়। সাম্প্রতিক সময়ত এই উৎসৱটো সমগ্ৰ কাৰ্বি আংলঙৰ ভিন্ন স্থান বা অঞ্চলত জাতি-ধর্ম নির্বিশেষে পালন কৰি অহা পৰিলক্ষিত হৈছে। একেদৰে নিশা পশ্চিম কাৰ্বি আংলঙৰ জেংক্র গাঁৱতো ফেলাংপি, ৰিকাংমিহম গাঁৱৰ পৰা নৃত্য-গীত পৰিবেশন কৰিবলৈ জেংক্ৰ গাঁৱত উপস্থিত হোৱা যুৱক-যুৱতীৰ দলটোৱে গাঁওবাসীক লগত লৈ ৰাজেন টেৰণ নামৰ ব্যক্তিজনৰ গৃহ-চোতালত পৰম্পৰাগত কাৰ্বি গীত-মাত আৰু নৃত্য প্রদর্শনেৰে ‘হাছা কেকান’ অর্থাৎ লখিমীক আদৰাৰ যি পৰম্পৰা বা উৎসৱ সেয়া উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে পৰম্পৰা অনুসৰি কাৰ্বি জনগোষ্ঠীয় লোকসকলে পূর্বে এই উৎসৱ প্ৰতিখন গাঁৱত বা কিছু লোকে ব্যক্তিগতভাৱেহে উদযাপন কৰিছিল; কিন্তু পৰৱৰ্তী সময়ত এই পৰম্পৰাক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস বা স্বকীয় কৃষ্টি-সংস্কৃতি, জাতীয় পৰিচয় জীয়াই ৰখাৰ প্ৰয়াসৰে কাৰ্বি কালছাৰেল ছ’চাইটিৰ উদ্যোগত ইয়াক ক্রমান্বয়ে ৰাজহুৱা মঞ্চলৈ অনাৰ প্রচেষ্ট চলাই যোৱা পৰিলক্ষিত হৈছে পাহাৰীয়া জিলা দুখনত।
