ভাৰত–আমেৰিকা বাণিজ্যচুক্তি ঘোষণা ট্রাম্পৰ, মোদী চৰকাৰক টোপ কংগ্ৰেছৰ

1770109066 modi trump 2 1

‘অপাৰেচন সিন্দূৰ ‘সময়ত ভাৰত–পাকিস্তান সংঘর্ষ বিৰতিৰ কথা প্ৰথমে জনাইছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।

সোমবাৰে নিশা (ভাৰতীয় সময় অনুসৰি) ট্ৰাম্পে ঘোষণা কৰে যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যচুক্তি চূড়ান্ত হৈছে।

এই ঘোষণাৰ পাছতেই ‘সিন্দূৰ’ৰ উদাহৰণ টানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্রমণ কৰে কংগ্ৰেছে। বাণিজ্যচুক্তিক লৈ উদ্বেগ প্ৰকাশ কৰি কংগ্ৰেছৰ দাবী,চুক্তিৰ সকলো তথ্য ৰাজহুৱা কৰিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যাতে এই চুক্তিৰ ফলত ভাৰতীয় কৃষক, ব্যৱসায়ী আৰু উদ্যোগসমূহ ক্ষতিগ্ৰস্ত নহয়।

কংগ্ৰেছে নিজৰ এক্স (X) হেণ্ডেলত লিখিছে, “যুদ্ধবিৰতিৰ দৰে বাণিজ্যচুক্তিৰ ঘোষণাও কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। ট্ৰাম্পৰ দাবী মতে, প্ৰধানমন্ত্ৰী মোদীৰ অনুৰোধতেই এই চুক্তি সম্পন্ন হৈছে। ভাৰত নিজৰ বজাৰত আমেৰিকান সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিব আৰু ধীৰে ধীৰে দুয়ো দেশৰ মাজত শুল্কমুক্ত বাণিজ্য আৰম্ভ হ’ব।”

কংগ্ৰেছৰ অভিযোগ অনুসৰি, এই চুক্তিৰ জৰিয়তে ভাৰত আমেৰিকাৰ বাবে নিজৰ বজাৰ প্ৰায় সম্পূৰ্ণৰূপে মুকলি কৰি দিবলৈ সন্মত হৈছে, যাৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে দেশীয় শিল্প, ব্যৱসায়ী আৰু কৃষকসকলৰ ওপৰত।

বিশেষকৈ কৃষিখণ্ড আমেৰিকাৰ বাবে মুকলি কৰা হ’ব নেকি—এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা স্পষ্ট কৰিবলৈও দাবী তুলিছে কংগ্ৰেছে।

সোমবাৰে নিজৰ সামাজিক মাধ্যমত ট্ৰাম্পে জনায় যে এই বাণিজ্যচুক্তিৰ ফলত ভাৰতীয় সামগ্ৰীৰ ওপৰত থকা শুল্ক ২৫ শতাংশৰ পৰা কমাই ১৮ শতাংশ কৰা হ’ব।

উল্লেখযোগ্য যে ভাৰত–আমেৰিকা বাণিজ্যচুক্তিক লৈ দীৰ্ঘদিন ধৰি উত্তেজনা চলি আছিল। ভেনেজুৱেলাৰ খনিজ তেল ক্ৰয় আৰু ৰাছিয়াৰ স’তে ভাৰতৰ সম্পৰ্কক লৈ আমেৰিকাই আগতে একাধিকবাৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছিল। সেই অনিশ্চয়তাৰ অন্ত পেলাই অৱশেষত দুয়ো দেশৰ মাজত বাণিজ্যচুক্তি চূড়ান্ত হ’ল।

Exit mobile version