ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো বাৰ্তা ভাৰতৰ পৰা অহা নাই : ক্ৰেমলিন

1770114420 russia oil 1

ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বাৰ্তা পোৱা হোৱা নাই বুলি স্পষ্ট কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ কাৰ্যালয়ে। মঙলবাৰে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেছকভে কয়, “নতুন দিল্লীৰ স’তে কৌশলগত অংশীদাৰী গঢ়ি তোলাত মস্কো সদায়েই আগ্ৰহী।”

উল্লেখযোগ্য যে সোমবাৰে নিশা (ভাৰতীয় সময়) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত–আমেৰিকা বাণিজ্য চুক্তিৰ ঘোষণা কৰি দাবী কৰিছিল,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ সন্মতি জনাইছে।

ট্ৰাম্পৰ মতে, শুল্ক আপোচ বাবে মোদীয়েই তেওঁক অনুৰোধ কৰিছিল। লগতে তেওঁ এই দাবীও কৰে যে ভৱিষ্যতে ভাৰত আমেৰিকা আৰু তাৰ সহযোগী দেশসমূহৰ পৰা অধিক পৰিমাণে তেল ক্ৰয় কৰিব।

কিন্তু এই দাবীৰ বিপৰীতে এতিয়ালৈকে নতুন দিল্লীৰ ফালৰ পৰা ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ বিষয়ে কোনো চৰকাৰী ঘোষণা কৰা হোৱা নাই। এই প্ৰসংগত পেছকভে ট্ৰাম্পৰ বক্তব্যৰ বিশ্বাসযোগ্যতাকেই প্ৰশ্নৰ সন্মুখীন কৰে।

উল্লেখ্য যে আমেৰিকাৰ নিষেধাজ্ঞা সত্ত্বেও ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ ৰাছিয়াক সহায় কৰা বুলি অভিযোগ উত্থাপন কৰি আমেৰিকাই ভাৰতীয় পণ্যৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ হুমকি দিছিল।

আমেৰিকাৰ অভিযোগ অনুসৰি, ভাৰতৰ তেল ক্ৰয়ৰ বাবেই ৰাছিয়াই যুদ্ধ চলাবলৈ আৰ্থিক শক্তি পাইছে। কিন্তু বিভিন্ন পৰিসংখ্যানে বেলেগ ছবি দেখুৱাইছে। বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসাৰে, কেৱল ২০২৪ চনতেই ইউৰোপীয় ইউনিয়ন আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক বাণিজ্য হৈছে প্ৰায় ৬৭,৫০০ কোটি ইউৰো, যি ভাৰত–ৰাছিয়া বাণিজ্যৰ তুলনাত বহুগুণ বেছি। সেইদৰে ২০২৪ চনত ইউৰোপৰ প্ৰাকৃতিক গেছ আমদানিও পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে।

Exit mobile version