এয়াৰ ইণ্ডিয়াৰ সকলো ড্ৰিমলাইনৰ বিমানত ফুৱেল ছুইচ পৰীক্ষা! পোৱা নগ’ল কোনো ত্ৰুটি

1770044307 air lead

এয়াৰ ইণ্ডিয়াই জনাইছে যে সংস্থাৰ সকলো বোয়িং ৭৮৭ ড্ৰিমলাইনৰ বিমানৰ ফুৱেল ছুইচ বিস্তৃতভাৱে পৰীক্ষা কৰা হৈছে আৰু কোনো ধৰণৰ যান্ত্ৰিক ত্ৰুটি ধৰা পৰা নাই।

দেওবাৰে লণ্ডনৰ হিথ্ৰ’ৰ পৰা বেংগালুৰুলৈ যোৱা এখন ৭৮৭-৮ বিমানে ফুৱেল ছুইচত ত্ৰুটি থকা বুলি অভিযোগ উঠাৰ পাছতে এই সাৱধানতামূলক সিদ্ধান্ত লোৱা হৈছিল।

বৰ্তমান এয়াৰ ইণ্ডিয়াৰ হাতত মুঠ ৩৩খন ড্ৰিমলাইনৰ বিমান আছে, যাৰ ভিতৰত ২৭খন সক্ৰিয়ভাৱে চলাচল কৰি আছে। পাইলটৰ উপস্থিতিত একে মডেলৰ সকলো বিমানৰ ফুৱেল ছুইচ পৰীক্ষা কৰাৰ পাছত সংস্থাই নিশ্চিত কৰে যে কোনো বিমানে ত্ৰুটি পোৱা নগ’ল।

উল্লেখযোগ্য যে, যোৱা বছৰৰ ১২ জুন আহমেদাবাদৰ পৰা লণ্ডনৰ ওচৰৰ গেটৱিকলৈ যোৱা এআই-১৭১ (৭৮৭-৮) বিমানটো উৰণৰ মাত্ৰ ৩২ ছেকেণ্ডৰ ভিতৰতে এটা বহুতলত খুন্দা মাৰি ভাঙি পৰিছিল।

সেই দুৰ্ঘটনাত ২৬০ জন লোকৰ মৃত্যু হৈছিল আৰু তেতিয়াও ফুৱেল ছুইচৰ সমস্যাৰ কথা উত্থাপিত হৈছিল।

Exit mobile version