ডিজিচিএৰ এক প্ৰতিবেদন অনুসৰি, যোৱা ডিচেম্বৰ মাহত ক্ৰমাৎ বাতিল হোৱা বিমানৰ ফলত কমেও ১০ লাখ যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছিল। এই ক্ষতিগ্ৰস্ত যাত্ৰীৰ ভিতৰত প্ৰায় ৯৩ শতাংশই ইণ্ডিগ’ এয়াৰলাইন্সৰ যাত্ৰী আছিল।
উল্লেখ্য যে এই ক্ষতিৰ ফলত ক্ষতিপূৰণ হিচাপে ইণ্ডিগ’ই প্ৰায় ২৩ কোটি টকা ব্যয় কৰিব লগা হৈছিল। লগতে ২০২৫ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ বিমান সংস্থাসমূহৰ মুঠ বিমান বাতিলৰ হাৰ আছিল প্ৰায় সাত শতাংশ, য’ত ইণ্ডিগ’ৰ বাতিলৰ হাৰ ১০ শতাংশৰ ওচৰতে আছিল।
উল্লেখযোগ্য যে, যোৱা ডিচেম্বৰ মাহৰ আৰম্ভণিতে দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ বৃহৎ বিমান বিপৰ্যয়ৰ সন্মুখীন হৈছিল। যাত্ৰী অসুবিধাৰ বাবে ডিজিচিএৰ ফালৰ পৰা সংস্থাটোক জৰিমনাও বিহা হয়।
