স্পেইন চৰকাৰে শিশুৰ অনলাইন সুৰক্ষা নিশ্চিত কৰিবলৈ গুৰুত্বপূর্ণ সিদ্ধান্ত ল’লে। দেশখনত এতিয়াৰে পৰা ১৬ বছৰতকৈ কম বয়সৰ লোকে ফে’চবুক, হোৱাটছএপ, ইনস্টাগ্রাম, টিকটকসহ অন্যান্য সামাজিক মাধ্যম মঞ্চ ব্যৱহাৰ কৰিব নোৱাৰিব।
ডুবাইত আয়োজিত এক সম্মিলনত অংশ লোৱাৰ সময়ত স্পেইনৰ প্রধানমন্ত্রী পেড্র’ ছাঞ্জেজে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিলে। প্রধানমন্ত্রীজনে কয় যে শিশু আৰু কিশোৰক ইণ্টাৰনেটত উপলব্ধ অশ্লীল, হিংসাত্মক আৰু ভ্ৰামক কনটেন্টৰ পৰা সুৰক্ষিত ৰাখিবলৈ ১৬ অনূর্ধ্ব বয়সৰ লোকৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হ’ল।
চৰকাৰে এই বিষয়ত শীঘ্রে আনুষ্ঠানিক জাননী জাৰি কৰিব বুলি স্পেইনৰ প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে। স্পেইন চৰকাৰৰ এই সিদ্ধান্তলৈ বিৰোধী পক্ষয়ো সমর্থন দিছে।
উল্লেখ্য যে পূর্বে অস্ট্রেলিয়া, ডেনমার্ক আৰু ফ্রান্স চৰকাৰে কিশোৰ-কিশোৰীৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিছিল। অস্ট্রেলিয়াত ১৬ অনূর্ধ্ব, ডেনমার্ক আৰু ফ্রান্সত ১৫ অনূর্ধ্ব লোকে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰে।
ব্রিটেইন আৰু ভাৰততো শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে।
