গৌৰৱ গগৈক কেন্দ্ৰ কৰি এছ আই টি প্ৰতিবেদনঃ আজি মুখ্যমন্ত্রীৰ বিশেষ ব্রিফিং

IMG 20260208 124710

দীৰ্ঘদিন ধৰি চৰ্চিত হৈ থকা বিষয়টোৰ ওপৰত অৱশেষত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ আগত মুখ খোলাৰ সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বিশেষ সংবাদমেলত গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ কথিত পাকিস্তান সংযোগ সন্দৰ্ভত এছ আই টিয়ে কৰা তদন্তৰ ফলাফল উপস্থাপন কৰা হৈছে।

শনিবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকত এই প্ৰতিবেদন বিশদভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকতে প্ৰতিবেদনটো আগন্তুক তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়, যাতে কেন্দ্ৰীয় সংস্থাই বিষয়টো অধিক গভীৰভাৱে পৰীক্ষা কৰিব পাৰে।

একেদৰে, গোপনীয় তথ্য বাদে তদন্তৰ প্ৰধান দিশসমূহ জনসাধাৰণৰ আগত প্ৰকাশ কৰাৰো সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে। উল্লেখ্য যে, বিগত বছৰৰ ফেব্ৰুৱাৰীত উত্থাপিত অভিযোগৰ ভিত্তিত আৰক্ষীক তদন্তৰ দায়িত্ব দিয়া হৈছিল আৰু তাৰ পাছতেই এছ আই টি গঠন কৰি অনুসন্ধান আৰম্ভ কৰা হৈছিল।

তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতে মুখ্যমন্ত্রীৰ এই বিশেষ সংবাদমেলৰ জৰিয়তে প্ৰতিবেদন জনসমুখত উন্মোচন কৰা হৈছে।

Exit mobile version