পাঁচ বছৰত আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব লাগিব ৪৫ লাখ কোটিৰ সামগ্ৰী

1770101291 us trade 2

অলপতে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰা একপক্ষীয় বাণিজ্য চুক্তিক লৈ ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এক অন্তর্বর্তী বাণিজ্য চুক্তি স্বাক্ষৰ হৈছে। কালি পুৱা দুয়োপক্ষই এক যৌথ বিবৃতিৰ জৰিয়তে এই কথা প্রকাশ কৰে।

চুক্তিখন তাৎক্ষণিকভাবে শনিবাৰৰ পৰাই কার্যকৰী হৈছে। অর্থাৎ শনিবাৰে পৰাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্রাম্পৰ শাস্তিমূলক ২৫ শতাংশ শুল্ক প্রত্যাহাৰ কৰা হৈছে। অৱশ্যে চুক্তিখনে ভাৰতৰ স্বাৰ্থত মাধমাৰ শোধাব বুলি একাংশই আশংকা কৰিছে। আনকি বিৰোধী কংগ্রেছে এই চুক্তিক চুক্তি নহয়, ভাৰতৰ আত্মসমর্পণ বুলি অভিযোগ উত্থাপন কৰিছে।

ইয়াৰ পূৰ্বে পুৱা প্ৰকাশ কৰা এই অন্তর্বর্তী বাণিজ্য চুক্তি অনুসৰি ভাৰতীয় সামগ্ৰীত ট্রাম্পে আৰোপ কৰি ৰখা ৫০ শতাংশ শুল্কৰ পৰিমাণ ১৮ শতাংশলৈ হ্রাস পাইছে। অৱশ্যে মার্কিন শুল্ক হাসৰ বাবে ভাৰতে প্রত্যক্ষভাবে নহয়, পৰোক্ষভাৱেও বাছিয়াৰ পৰা তেল ক্রয় নকৰে বুলি নতুন দিল্লীয়ে ট্রাম্পক প্রতিশ্রুতি দিছে।

তদুপৰি আগন্তুক পাঁচ বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতক ৪৫ লক্ষ কোটি টকাৰ সামগ্ৰী ক্ৰয়ৰ চৰ্তও ট্রাম্প প্রশাসনে বান্ধি দিছে। উল্লেখ্য যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষোভত ট্রাম্পে শাস্তিমূলক ২৫ শতাংশ শুল্ক ভাৰতীয় সামগ্ৰীত আৰোপ কৰিছিল।

ভাৰতৰ পুৰণি বন্ধু দেশখনৰ পৰা সম্প্ৰতি নৰেন্দ্ৰ মোদী চৰকাৰে আৰু তেল ক্ৰয় নকৰে বুলি প্রতিশ্রুতি দিয়াত ট্রাম্পে এই ২৫ শতাংশ শাস্তিমূলক শুল্ক প্রত্যাহাৰ কৰিছে। গতিকে ভাৰতৰ স’তে ৰাছিয়াৰ বন্ধুত্বপূর্ণ সম্পৰ্কৰ অৱসান ঘটাৰ আশংকা এই চুক্তিয়ে বহন কৰিছে।

উল্লেখ্য যে ভাৰতীয় সময়মতে যোৱা নিশা ট্রাম্পে এই দ্বিপাক্ষিক অন্তর্বর্তী বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰে। তাৰ পাছতে চুক্তিখনৰ বিষয়ে সদৰী কৰি দুয়োপক্ষই যৌথ বিবৃতি প্রকাশ কৰে।

ট্রাম্পে শুল্ক ১৮ শতাংশ কৰৰ বিপৰীতে ভাৰতে শূন্য কৰিলে!

ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যৌথ বিবৃতি অনুসৰি সমস্ত মার্কিন বাণিজ্যিক পণ্য আৰু একাধিক খাদ্য তথা কৃষিপণ্যৰ ওপৰত ভাৰতে শুল্ক শূন্য হ্রাস কৰিব। শুল্ক শূন্য বা হ্রাস হ’বলগীয়া সামগ্ৰীৰ তালিকাত আছে শুকান খাদ্য শস্য, পশু খাদ্যৰ ৰঙাজোৱাৰ, বাদাম, সতেজ ফল, চয়াবিনৰ তেল, সুৰা আদি।

তদুপৰি নিজ নিজ স্বার্থ জড়িত ক্ষেত্ৰসমূহৰ ক্ষেত্ৰত দুয়োপক্ষই পৰস্পৰক অগ্ৰাধিকাৰ ভিত্তিত সামগ্রীক বজাৰত প্ৰৱেশত অনুমতি দিব। দুয়োপক্ষই এই চর্ত মানি লৈছে। চুক্তিখনৰ আন এক চৰ্ত অনুসৰি অনা-শুল্ক বাধা (এনটিবি) সমূহক লৈ দুয়ো দেশেই এতিয়াৰে পৰা সচেষ্ট হ’ব।

এই ক্ষেত্রত কৃষিখণ্ড, চিকিৎসাৰ সা-সৰঞ্জামৰ ব্যৱসায় আদি আছে। উল্লেখ্য যে ভাৰতৰ বজাৰত মার্কিন চিকিৎসা সঁজুলিৰ ব্যৱসায়ত কিছু বাধা আছে। সেইসমূহ মোকাবিলা কৰিবলৈ সম্প্রতি নতুন দিল্লী সন্মত হৈছে। আনকি মার্কিন তথ্য আৰু যোগাযোগ পণ্যৰ ক্ষেত্ৰত অনুজ্ঞাপত্র প্রদানক লৈ থকা প্রতিবন্ধকতাও ভাৰতে দূৰ কৰিবলৈ সন্মত হৈছে।

চুক্তিখনৰ আন এক চৰ্ত অনুসৰি অহা পাঁচ বছৰত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৪৫ লাখ কোটি টকাৰ খনিজ তেল, গেছ, ৰন্ধা-বঢ়াত ইন্ধনৰূপে ব্যবহৃত কয়লা, বিমান, বিমানৰ যন্ত্রাংশ, মূল্যবান ধাতু আৰু প্রযুক্তিগত সামগ্রীকে ধৰি বিভিন্ন সামগ্রী ক্রয় কৰিব।

আনহাতে, ভাৰতে ১৮ শতাংশ শুল্কত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সাজ-পোছাক, চামৰা সামগ্রী, জোতা, প্লাষ্টিকৰ সামগ্ৰী, ৰবৰ, জৈৱ ৰাসায়নিক দ্রব্য, ঘৰৰ ভিতৰভাগ সজোৱাৰ সামগ্ৰী আৰু নির্দিষ্ট যন্ত্রপাতি ৰপ্তানি কৰিব পাৰিব।

আনহাতে, ট্রাম্প প্রশাসনে প্রকাশ কৰা অনুসৰি পণ্য আমদানিৰ ক্ষেত্ৰত মার্কিন বা আন্তর্জাতিক নিৰাপত্তা আৰু অনুজ্ঞাপত্ৰ ব্যৱস্থা সম্পৰ্কত আগন্তুক ছমাহৰ ভিতৰত সিদ্ধান্ত গ্রহণ কৰা হ’ব। তদুপৰি ডিজিটেল বাণিজ্যৰ ক্ষেত্ৰত থকা বিভিন্ন বৈষম্যমূলক নীতি আৰু বাধা দূৰ কৰিবলৈ দুয়োপক্ষ সন্মত হৈছে।

চুক্তিখন সম্পর্কত কেন্দ্রীয় বাণিজ্য মন্ত্রী পীযূষ গোরেলে কয় যে সংবেদনশীল কৃষিজাত আৰু দুগ্ধজাত সামগ্রীৰ ক্ষেত্ৰত ভাৰতীয় কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা হ’ব। উদাহৰণস্বৰূপে মাকৈ, চাউল, গম, চয়াবিন, হাঁহ-কুকুৰা, দুগ্ধজাত সামগ্রী, মাখন, ইথানল (ইন্ধন), মাংস আৰু কেতবোৰ নির্দিষ্ট শাক-পাচলি এই তালিকাত অন্তর্ভুক্ত হৈছে।

কংগ্ৰেছৰ তীব্র প্রতিবাদ: ভাৰতক বিশ্বাসঘাতকতা আখ্যা

ট্রাম্প চৰকাৰৰ স’তে মোদী চৰকাৰে স্বাক্ষৰ কৰা এই অন্তর্বর্তী বাণিজ্য চুক্তিক ভাৰত আৰু ভাৰতীয় জনতাৰ প্ৰতি বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে বিৰোধী কংগ্রেছে। চুক্তিখনত তীব্র প্রতিক্রিয়া জনাই আজি জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াই নতুন দিল্লীত এক সংবাদমেলত কয়, ‘অচিৰে ভাৰত আমেৰিকাৰ সামগ্ৰীৰ আবৰ্জনাথলীত পৰিণত হ’ব। ইয়ে দেশৰ কৃষকসকলৰ তথা ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমূহৰ স্বাৰ্থ বিঘ্নিত কৰিব। এইখন আচলতে চুক্তি নহয়, এক আত্মসমর্পণহে। বিগত ৭৫ বছৰ ধৰি ভাৰতৰ জনতাই যাৰ বাবে থিয় দি আছিল তাক এই চুক্তিয়ে বিশ্বাসঘাতকতা কৰিলে। আমাৰ স্বাৰ্থ বক্ষা নোহোৱা চুক্তি কেতিয়াও চুক্তি হ’ব নোৱাৰে। এয়া হৈছে আন কাৰো দ্বাৰা নহয়, নৰেন্দৰৰ দ্বাৰা আত্মসমর্পণ।’

চুক্তিখনে ভাৰতক আৱৰ্জনাথলীলৈ পর্যবসিত কৰিলে বুলিও অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাজনে লগতে কয়, ‘মই ইয়াক এখন চুক্তি বুলি নকওঁ। আপোনাৰ মূৰত বন্দুক লগাই থ’লে এখন চুক্তি হ’ব নোৱাৰে। এয়া হৈছে ব্লেকমেইল, এক আত্মসমর্পণ। চুক্তি সমানৰ মাজতহে হয়।’ আনহাতে, প্রাক্তন কেন্দ্রীয় বিত্তমন্ত্রী পি ছিদ্দাম্বৰমে এটা প’ষ্টত কয়, ‘মোৰ প্ৰাৰম্ভিক দৃষ্টিত এই চুক্তি এক অন্তর্বর্তী চুক্তিও নহয়। এয়া হৈছে এক অন্তর্বর্তী চুক্তিৰ বাবে এক ফ্রেমৱৰ্কহে। চুক্তিখনৰ দ্বিতীয় দফা আৰু ‘বুলেট পইন্ট’ত লিখা কথাসমূহে চুক্তিখন ইমানেই ধূসৰ কৰিছে যে এজন ব্যক্তিয়ে মার্কিন প্রশাসনে ২০২৫ৰ দুই এপ্ৰিলত, ২০২৫ৰ পাঁচ ছেপ্টেম্বৰত, ২০১৮ৰ আঠ মাৰ্চত, ২০২৫ৰ ৩০ জুলাইত আৰু ২০১৯ৰ ১৭ মে’ত জাৰি কৰা নির্দেশসমূহ নপঢ়িলে আৰু বিশ্লেষণ নকৰিলে মার্কিন প্রশাসনে কৰা অংগীকাৰসমূহৰ আচল প্রকৃতি বুজি নাপায়।’ ছিদ্দাম্বৰমে লগতে কয় যে এটা কথা স্পষ্ট যে এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাৰ্থ অধিক পূৰণ কৰিব।

Exit mobile version