Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

WhatsApp Image 2026 02 09 at 5.16.43 PM

Tarique Rahman :

বাংলাদেশৰ সংসদীয় নির্বাচনলৈ এসপ্তাহৰো কম সময় থকাৰ সময়তে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে প্রাক্তন প্রধানমন্ত্রী খালেদা দিয়াৰ পুত্ৰ তাৰেক ৰহমানে। বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰেকে এক সাক্ষাৎকাৰত অলপতে কয় যে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব। অৱশ্যে দেশবাসীয়ে তেওঁলোকক আদৰি ল’ব লাগিব।

তাৰেকৰ এই মন্তব্যই বাংলাদেশত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এক আন্তর্জাতিক সংবাদ সংস্থাই সাক্ষাৎকাৰত তাৰেকক প্রশ্ন কৰিছিল, ‘শেখ হাছিনাৰ সন্তানে বিদেশৰ পৰা উভতি ৰাজনীতি কৰিব পাৰিব নে?’ ইয়াৰ উত্তৰত তাৰেকে ক’লে, ‘যদি কাৰোবাক মানুহে গ্রহণ কৰে, যদি মানুহে তেওঁলোকক স্বাগতম জনায়, তেন্তে যিকোনো ব্যক্তিৰ ৰাজনীতি কৰাৰ অধিকাৰ আছে।’

উল্লেখ্য যে হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় গ্রহণ কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে দেশত এটাৰ পাছত আনটো গোচৰ ৰুজু হৈছে। হাছিনাক আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণে মৃত্যুদণ্ডৰ ৰায়ো দিছিল। হাছিনাৰ সন্তান বর্তমানে দেশৰ বাহিৰত আছে আৰু তেওঁলোকৰ বিৰুদ্ধেও একাধিক গোচৰ আছে। হাছিনাৰ দল আবামি লীগক বাংলাদেশত নিষিদ্ধ কৰা হৈছে।

Exit mobile version