উত্তৰপ্ৰদেশৰ গাজিয়াবাদত তিনিগৰাকী ভগ্নীৰ মৃত্যু ঘটনাত নতুন দিশ। আৰক্ষীয়ে উদ্ধাৰ কৰিলে কিশোৰীকেইগৰাকীৰ দুটা মোবাইল ফোন।
দুৰ্ঘটনাৰ প্ৰায় তিনিমাহ আগতে পিতৃ চেতন কুমাৰে এটা ফোন বিক্ৰী কৰিছিল আৰু পাছত আৰু এটা ফোনো বিক্ৰী কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে।
ফোন দুটা কাক বিক্ৰী কৰা হৈছিল সেই তথ্য উদ্ধাৰৰ বাবে দুয়োটা ফোন ফৰেনছিক পৰীক্ষালৈ পঠোৱা হৈছে।
তদন্তকাৰী আৰক্ষী বিষয়াই জনাইছে, কিশোৰীসকলে ফোনত কি ধৰণৰ গেম, গান, নাটক আৰু ভিডিঅ’ চাইছিল সেইবোৰ গভীৰভাৱে পৰীক্ষা কৰা হৈছে।
কেৱল অনলাইন গেমৰ আসক্তিৰ বাবে নে আন কোনো গুপ্ত কাৰণ আছে — এই সন্দেহো ক্ৰমে বৃদ্ধি পাইছে। পৰিয়ালৰ ভিতৰত অশান্তিৰ ইঙ্গিত কিশোৰীসকলৰ ডায়েৰীতো পোৱা গৈছে, যাৰ ফলত ঘটনাটোৰ পৃষ্ঠভূমি লৈ নতুন প্ৰশ্ন উত্থাপন হৈছে।
ডিচিপি নিমিছ পাটিলৰ মতে, ছুইচাইড নোটত পাঁচটা অনলাইন গেমৰ উল্লেখ কৰা হৈছে আৰু সেই গেমসমূহ নিষিদ্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ পঠোৱা হৈছে, যি পাছত কেন্দ্ৰ চৰকাৰলৈও প্ৰেৰণ কৰা হ’ব।
উল্লেখ কৰা গেমসমূহ হৈছে— Poppy Playtime, The Baby in Yellow, Evil Nun, Ice Scream Man আৰু Ice Scream Game।
আৰক্ষীয়ে এতিয়ালৈকে মৃত্যুৰ কোনো নিশ্চিত প্ৰমাণ পোৱা নাই, যদিও ঘটনাটো আত্মহত্যা বুলি ধৰি তদন্ত আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে, গাজিয়াবাদৰ এটা বহুতল ভবনৰ ১০ম মহলৰ পৰা জাপ দি তিনিগৰাকী ভগ্নীয়ে প্ৰাণ হেৰুৱাইছিল।
অনলাইন গেম আসক্তি প্ৰাথমিক কাৰণ বুলি ধৰা হলেও, আনৰ কোনো গুপ্ত কাৰণ আছে নেকি ,সেই দিশতো তদন্ত অব্যাহত আছে।
