মৰণফাঁদত উৰণ! এয়াৰৱৰ্ডিনেছ নথকা বিমানে আঠ বাৰ উৰুৱালে এয়াৰ ইণ্ডিয়া!কোটি টকাৰ জৰিমানা

IMG 20260214 162524

এবছৰ আগতে আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাত ২০০তকৈ অধিক লোকৰ মৃত্যু হৈছিল। তাৰ পাছতো যান্ত্ৰিক ত্ৰুটিৰ অভিযোগত পুনৰ চাঞ্চল্য সৃষ্টি কৰিছে এয়াৰ ইণ্ডিয়া। ডিজিচিএ (DGCA)ৰ অভ্যন্তৰীণ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ গাফিলতি ।

ডিজিচিএই এয়াৰ ইণ্ডিয়াক কৰিছে এক কোটি টকা জৰিমানা । তদন্তত প্ৰকাশ পায় যে বিগত নৱেম্বৰত একেৰাহে দুদিন এয়াৰৱৰ্ডিনেছ চাৰ্টিফিকেট নথকা অৱস্থাত আঠটা উৰণ চলোৱা হৈছিল।

এই উৰণসমূহ দিল্লী, বেঙ্গালুৰু, মুম্বাই আৰু হায়দৰাবাদৰ মাজত চলিছিল।এয়াৰৱৰ্ডিনেছ চাৰ্টিফিকেট মানে হৈছে বিমানে উৰণৰ বাবে সম্পূৰ্ণ সুৰক্ষিত হোৱাৰ প্ৰমাণপত্ৰ।

এই চাৰ্টিফিকেট নথকা বিমান উৰুৱা মানে শতাধিক যাত্ৰীৰ জীৱন বিপদত পেলোৱা। টাটা গ্ৰুপৰ অধীনস্থ এই সংস্থাই যাত্ৰীৰ সুৰক্ষা লৈ গুৰুতৰ অৱহেলা দেখুওৱাৰ অভিযোগ উঠিছে।

শেহতীয়াকৈ ডিজিচিএৰ আন এটা বিস্ফোৰক প্ৰতিবেদনতো দেখা গৈছে,দেশৰ বিমান সংস্থাসমূহৰ মাজত যান্ত্ৰিক ত্ৰুটিৰ ক্ষেত্ৰত আটাইতকৈ বেয়া অৱস্থা এয়াৰ ইণ্ডিয়াৰ।

পৰীক্ষা কৰা ২৬৭খন বিমানৰ ভিতৰত ১৯১খন ত্ৰুটি ধৰা পৰিছে, অৰ্থাৎ ৭২ শতাংশ। যাত্ৰীৰ সুৰক্ষাক লৈ পুনৰ ডাঙৰ প্ৰশ্ন উঠিছে।

Exit mobile version