গৰুৰ চোৰাং গোচৰত BSF জোৱানৰ শাস্তি ৰক্ষা কৰিলে উচ্চতম ন্যায়ালয়ে!

1771397688 bsf 1

ভাৰত- বাংলাদেশ সীমান্তত গৰু চোৰাং ব্যৱসায়ৰ স’তে জড়িত থকাৰ অভিযোগত চাকৰি খাৰিজ কৰা বিএছএফৰ এজন বিষয়াৰ আবেদন খাৰিজ কৰিলে শীৰ্ষ আদালতে।

চুপ্ৰিম ক’ৰ্টে স্পষ্টকৈ জানিবলৈ দিয়ে যে সীমান্ত সুৰক্ষাৰ দৰে গুৰুত্বপূর্ণ দায়িত্বত থকা বিষয়াই যদি এনে গুৰুতৰ অপৰাধত জড়িত হয়, তেন্তে তেওঁক চাকৰিত ৰাখিব নোৱাৰি।

আদালতে কয় যে সীমান্ত সুৰক্ষা বাহিনীৰ দৰে সংবেদনশীল বাহিনীত শৃঙ্খলা আৰু সততা অতি জৰুৰী। সেই দৃষ্টিৰে বিষয়াজনৰ বিৰুদ্ধে লোৱা শাস্তিমূলক ব্যৱস্থা যুক্তিসংগত বুলি আদালতে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ভাৰত- বাংলাদেশ সীমান্তত গৰু চোৰাং ব্যৱসায় ৰোধ কৰাটো বিএছএফৰ অন্যতম মুখ্য দায়িত্ব। এনে দায়িত্বত থকা বিষয়াই যদি নিজেই এই অপৰাধত জড়িত থাকে, তেন্তে সেইটো বাহিনীৰ বিশ্বাসযোগ্যতাক আঘাত কৰে বুলি আদালতে মন্তব্য কৰে।

এই ৰায়ে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত শৃঙ্খলা ভংগ কৰা কৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দিশটো স্পষ্ট কৰি দিলে।

Exit mobile version