Cattle Seized in Khanapara:
মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ গুৱাহাটী আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ থকাৰ মাজতে খানাপাৰাত জব্দ হ’ল অবৈধ গৰু ভৰ্তি বাহন ৷ বিশেষ খবৰৰ ভিত্তিত খানাপাৰাৰ উৰণসেতুৰ সমীপত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই জালুকবাৰী পৰা যোৰাবাট অভিমুখে আহি থকা এএছ১৩-এচি৫০৬৬ নম্বৰৰ এখন পিকআপ ভানৰ পৰা ৯ টা গৰু উদ্ধাৰ কৰে।
