দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে ইঞ্জিনত সমস্যা ধৰা পৰে।
দিল্লিৰ পৰা লেহ্ অভিমুখে ৰাওনা হোৱা SpiceJet ৰ এছজি-১২১ নম্বৰ বিমানখনৰ ইঞ্জিনত যান্ত্ৰিক ত্ৰুটি ধৰা পৰাৰ পাছতে জৰুৰীভাৱে দিল্লিলৈ উভতি আহে।
উল্লেখ্য যে ,পুৱা বিমানখন কিছু সময় আকাশত থকাৰ পাছতে পাইলটে ত্ৰুটি লক্ষ্য কৰে।
বিমান সংস্থাৰ বিবৃতিত কোৱা মতে, নিৰাপত্তা বিধি অনুসৰি সিদ্ধান্ত লৈ বিমানখন পুনৰ দিল্লিলৈ ঘূৰাই অনা হয় আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ( Indira Gandhi International Airport)ত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হয়। বিমানখনত প্ৰায় ১৫০ জন যাত্ৰী আৰু ক্ৰু সদস্য উপস্থিত আছিল।
কোনো যাত্ৰী আহত হোৱা নাই বুলি সংস্থাই নিশ্চিত কৰিছে। ঘটনাৰ পাছত বিমানখন তাৎক্ষণিকভাৱে পৰীক্ষাৰ অধীনত ৰখা হৈছে। যাত্ৰীসকলৰ বাবে বিকল্প উৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে।
বিমান চলাচল কৰ্তৃপক্ষই ঘটনাটোৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।
