Car Theft Arrested in Dispur:দিছপুৰ আৰক্ষীৰ জালত কুখ্যাত গাড়ীচোৰ

কমলপুৰৰ আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ ৰূপজ্যোতি দাস নামৰ কুখ্যাত গাড়ী চোৰটোক

WhatsApp Image 2026 02 24 at 11.27.12 AM

Car Theft Arrested in Dispur:

প্ৰৱঞ্চনাৰে বিভিন্নজনৰ পৰা গাড়ী ভাড়া কৰি নি পৰৱৰ্তী সময়ত সংগোপনে বিক্ৰী কৰা কুখ্যাত গাড়ী চোৰ অৱশেষত জালত পৰে দিছপুৰ আৰক্ষীৰ ৷ প্ৰৱঞ্চনাৰ বলি হোৱা বিভিন্ন ৰজু কৰা গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি কমলপুৰৰ আঠগাঁৱৰ পৰা গাড়ীচোৰ ৰূপজ্যোতি দাসক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে কুখ্যাত গাড়ীচোৰ ৰূপজ্যোতি দাসে অসমৰ লগতে অৰুণাচলৰ বিভিন্ন লোকৰ পৰা প্রলোভনেৰে গাড়ী লৈ বিক্ৰী কৰিছিল ৷ আটকাধীন ৰূপজ্যোতি দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অসম সহ অৰুণাচলৰ বিভিন্ন স্থানত অভিযান চলাই উদ্ধাৰ কৰে ১১খন চুৰি বিলাসী গাড়ী ৷ সম্প্রতি দিছপুৰ থানাত অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে।

Exit mobile version