Dalgaon:
হয়,সমাগত বিধানসভা নিৰ্বাচন ২০২৬ ৰ দিন যিমানেই চমুচাপি আহিছে সিমানেই বৃদ্ধি পাইছে দলগাঁও সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ তৎপৰতা । দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ প্ৰায় এক ডজন প্ৰাৰ্থীৰ সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমান। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ নাম চৰ্চালৈ অহাৰ লগে লগে দলগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ লগতে কৰ্মী সকলৰ মাজত হুৱাদুৱা লাগিছে।
ইয়াত ৰাইজৰ দলৰ কোনো অস্তিত্ব নাই । কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ নাম চৰ্চালৈ অহাৰ লগে লগে এই দৰে বিস্ফোৰক মন্তব্য যুৱছামৰ। উল্লেখ্য যে কিছুদিন আগতে দলগাঁও সমষ্টিৰ শিয়ালমাৰী বজাৰত শুকুৰ আলি আহিছিলে আৰু সেই সময়ত শুকুৰ আলিৰ সভাত বহুত মানুহ হৈছিলে, ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ সভাত সিমান মানুহ নহয় বুলিও মন্তব্য কৰে।দলগাঁও সমষ্টি কংগ্ৰেছ দলৰ বাবে A+ এটা ছিট,এই ছিট কেতিয়াও ৰাইজৰ দলক এৰি নিদিবলৈ আহ্বান জনায়। এই ছিট ৰাইজৰ দলক এৰি দিলে এ আই ইউ ডি এফক ৱ’ক অফাৰ দিয়া হ’ব বুলিও মন্তব্য কৰে যুৱ নেতা মিৰাজ উদ্দিন আহমেদে।
