ভাৰতীয় সৌৰ সামগ্ৰীৰ ওপৰত যুক্তৰাষ্ট্ৰৰ ১২৬ শতাংশ শুল্ক আৰোপ

solar panel cover

ভাৰতৰ পৰা আমদানি কৰা সৌৰ কোষ আৰু পেনেলৰ ওপৰত ১২৬ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা কৰিছে যুক্তৰাষ্ট্ৰই (United States)। আমেৰিকাৰ বাণিজ্য বিভাগে প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত এই শুল্ক আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মাৰ্কিন কৰ্তৃপক্ষৰ অভিযোগ, ভাৰতীয় সৌৰ উৎপাদকসকলে চৰকাৰী অনুদান লাভ কৰি আমেৰিকাৰ বজাৰত কম দৰত সামগ্ৰী ৰপ্তানি কৰি আহিছে।

ইয়াৰ ফলত স্থানীয় উদ্যোগ ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰা হৈছে। এই প্ৰেক্ষাপটত প্ৰতিবিধানমূলক শুল্ক (Countervailing Duty) আৰোপ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে।

এই সিদ্ধান্তে ভাৰতীয় সৌৰ উদ্যোগত তাৎক্ষণিক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। যুক্তৰাষ্ট্ৰ ভাৰতৰ সৌৰ ৰপ্তানিৰ এক গুৰুত্বপূৰ্ণ বজাৰ হিচাপে বিবেচিত।

শুল্ক বৃদ্ধিৰ ফলত আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাব আৰু প্ৰতিযোগিতামূলক অৱস্থা দুর্বল হ’ব পাৰে বুলি উদ্যোগ মহলে মত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, শুল্ক আৰোপৰ এই সিদ্ধান্ত প্ৰাথমিক। চূড়ান্ত সিদ্ধান্ত আগন্তুক কয়েক মাহৰ ভিতৰত ঘোষণা হ’ব বুলি আমেৰিকাৰ বাণিজ্য বিভাগে ইঙ্গিত দিছে।

এই পদক্ষেপে দুয়োখন দেশৰ মাজত চলি থকা বাণিজ্যিক সম্পৰ্ক আৰু আলোচনা প্ৰক্ৰিয়াত কিমান প্ৰভাৱ পেলায়, সেই দিশত এতিয়া দৃষ্টি নিবদ্ধ হৈছে।

Exit mobile version