Accident:যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

উদণ্ড ছাত্ৰৰ বিলাসী চাফাৰী বাহনৰ খুন্দাত নিহত সুতাৰ টেকেলাগাঁওৰ দুলাল চন্দ্ৰ বৰুৱা

WhatsApp Image 2026 02 25 at 2.57.32 PM

Accident:

যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা I পুলিবৰ থানা আৰু দহোটিয়া সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এই দুৰ্ঘটনা I কাজিৰঙা ইউনিভাৰচিটিৰ উদণ্ড ছাত্ৰৰ বিলাসী চাফাৰী বাহনৰ খুন্দাত নিহত হয় পুলিবৰ থানাৰ অন্তৰ্গত সুতাৰ টেকেলাগাঁওৰ দুলাল চন্দ্ৰ বৰুৱা।

জানিব পৰা অনুসৰি পুৱা সুতাৰ গাঁৱৰ নিজ ঘৰৰ পৰা দুলাল চন্দ্ৰ বৰুৱা আৰু এজন পৰিয়ালৰ লোক নুকুল শইকীয়া যোৰহাটলৈ নিজা বুলেট মটৰ চাইকেলেৰে আহি থকা অৱস্থাত পুলিবৰ থানা আৰু দহোটিয়া সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাট দিশৰ পৰা আহি থকা চাফাৰী বাহন খনে প্ৰচণ্ড যোৰে খুন্দা মাৰে। ফলত থিতাতে নিহত হয় দুলাল চন্দ্ৰ বৰুৱা। অন্যজন ব্যক্তি নুকুল শইকীয়া সংকতজনক অৱস্থাত যোৰহাট মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে প্ৰেৰন কৰে। ঘটনাস্থলীত পুলিবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ,সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ বাহন সহ কাজিৰঙাৰ ইউনিভাৰচিটিৰ ছাত্ৰক আটক কৰিছে।

Exit mobile version