Cattle seizes:তামাৰহাটত আৰক্ষী অভিযানত চোৰাং গৰু সহ সৰবৰাহকাৰীক আটক

WhatsApp Image 2026 02 25 at 3.39.20 PM

Cattle seizes:

ৰাজ্যত অব্যাহত আছে অবৈধ চোৰাং গৰু সৰবৰাহ। নিশা এক গোপন খবৰৰ ভিত্তিত পাগলাহাট আৰক্ষীয়ে ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই দুটা চোৰাং গৰুসহ দুজন গো সৰবৰাহকাৰীক আটক কৰে। ধৃত গো সৰবৰাহকাৰী দুজন গৌৰীপুৰ চাপগড়ৰ আতোৱাৰ আলী (২৪) আৰু আতিকুল ইছলাম ওৰফে বাবু (২৫) । জব্দ কৰে এখন বিলাসী বাহন। জব্দকৃত বাহনখনৰ নম্বৰ AS 01 MB 2918 । পশ্চিমবংগৰ পৰা ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথেৰে তামাৰহাট হৈ নিতৌ গৌৰীপুৰ অভিমুখে চোৰাং গৰু সৰবৰাহৰ অভিযোগ। আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি দিনে নিশাই একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আহিছে চোৰাং গৰু সৰবৰাহ।

Exit mobile version